আৰ ডি মটৰচ চেৰিটেবল ট্ৰাষ্টৰ বিশেষ পদক্ষেপ তেজপুৰ, ৩০ এপ্ৰিল:শিশুক ভালপোৱা এজন ব্যক্তি, পেছাত এজন সফল ব্যৱসায়ী । কিন্তু শিশুৰ প্ৰতি আছে তেওঁৰ অলেখ মৰম আৰু ভালপোৱা । তেওঁ শিশুৰ সৈতে সময় পাৰ কৰি ভালপায় । এই বিশেষ ব্যক্তিগৰাকী হৈছে আৰ ডি মটৰচ চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ মহেশ আগৰৱালা । বছৰটোৰ বেছিভাগ সময় পাৰ কৰে তেওঁ শিশুৰ সৈতে । সেইবাবেই তেওঁ অসমৰ কেবাখনো জিলাত ৫২ সপ্তাহত ৫২ খন প্ৰাথমিক বিদ্যালয়ত শিশুৰ খেলাৰ উপযোগী ব্যৱস্থা অৰ্থাৎ এখন শিশু উদ্যান নিৰ্মাণ কৰি আহিছে ।
অসমৰ চৰকাৰী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক বিকাশৰ লক্ষ্যৰে এশৰো অধিক ছাত্ৰ-ছাত্ৰী থকা ৫২ খন চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়লৈ আৰ ডি মটৰচ চেৰিটেবল ট্ৰাষ্টে শিশুৰ ঝুলনা আৰু একেলগে ঘূৰিব পৰা লোহাৰ খেলাৰ সামগ্ৰী ইতিমধ্যে আগবঢ়াই আহিছে ।
ট্ৰাষ্টে প্ৰথম পৰ্যায়ত নগাঁও জিলাৰ ৮ খন প্ৰাথমিক বিদ্যালয়লৈ উক্ত খেলৰ সামগ্ৰী আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ পিছত অবিভক্ত শোণিতপুৰ জিলাৰ ১৯২৬ চনত স্থাপিত দ্বিতীয়খন প্ৰাথমিক বিদ্যালয় ৪২নং শইকীয়া চুবুৰি মুছলমান গাঁও প্ৰাথমিক বিদ্যালয়লৈ আগবঢ়াই উদ্যানখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ ।
উক্ত খেলৰ সামগ্ৰী সম্বলিত শিশু উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে আৰ ডি মটৰচ চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ মহেশ আগৰৱালাই । অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে সদস্যসকল, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । বিদ্যালয়খনত মুকলি কৰা উদ্যানখনত সময় পাৰ কৰি আনন্দিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ।
লগতে পঢ়ক:নিঃশব্দ প্ৰেমৰ সমফল প্ৰাপ্তি, দুই মুকবধিৰে মেলিলে সংসাৰৰ পাতনি - Special Marriage