বঙাইগাঁও, 20 মে’: বঙাইগাঁৱৰ চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণ কাণ্ড সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল সম্বোধন ৷ বিগত শনিবাৰে জিলাখনৰ পঞ্চপুৰ এলেকাত 5 জন আসুৰিক প্ৰবৃত্তিৰ লোকে এহাল কিশোৰ-কিশোৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱাৰ লগতে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য ৷ এই পৈশাচিক কাণ্ডৰ পিছতে তৎপৰ হৈ পৰে বঙাইগাঁও আৰক্ষী ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷
জিলাখনৰ বৰঝৰাৰ জলপ্ৰপাতৰ সমীপত কিশোৰ-কিশোৰী প্ৰেমিক যুগলৰ ওপৰত চলা অমানৱীয় শাৰিৰীক নিৰ্যাতন তথা ধন দাবীৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনাই সোমবাৰে সংবাদমেলখন সম্বোধন কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, কিশোৰ-কিশোৰীক যৌন কাৰ্যত লিপ্ত হ’বলৈ দি নগ্ন ভিডিঅ’ প্ৰস্তুত কৰি তাক ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল অভিযুক্তসকলে ৷ আৰক্ষীয়ে এই ভিডিঅ’ সংবাদ মাধ্যমৰ পৰা লাভ কৰাৰ পিছতে ঘটনাৰ ক্ষীপ্ৰ তদন্ত আগবঢ়ায় ৷
পিছে বহু সময়লৈকে আৰক্ষীয়ে নিৰ্যাতিতৰ সন্ধান লাভ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এক সূত্ৰৰ ভিত্তিত নিৰ্যাতিতৰ সন্ধান লাভ কৰি সোধ-পোছৰ বাবে তেওঁলোকৰ ওচৰত উপস্থিত হয় ৷
ভূক্তভোগী প্ৰেমিক-প্ৰেমিকাই আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি, পাঁচ পাষণ্ডই তেওঁলোকক দাবী কৰিছিল নগদ 5 হাজাৰ টকা ৷ পিছে কিশোৰগৰাকীয়ে তেওঁলোকৰ হাতত তুলি দিয়ে 4,500 টকা ৷ ইয়াৰ বিপৰীতে কিশোৰীগৰাকীয়ে কিশোৰজনৰ সৈতে নগ্ন হৈ যৌনকাৰ্য কৰিবলৈ দাবী ধমকি দিয়া বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ এই কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি পৰৱৰ্তী সময়ত তাক ভাইৰেল কৰে পাষণ্ডৰ দলটোৱে ৷