অসম

assam

ETV Bharat / state

ধৰ্ষণৰ পৰা নিচাৰ বেহালৈ শোণিতপুৰ আৰক্ষীৰ নিদ্ৰা হৰণকাৰী কেবাটাও অভিযুক্তক আটক - Criminals arrested - CRIMINALS ARRESTED

Crime in Tezpur: ক্ৰমাৎ যেন অপৰাধৰ নগৰীলৈ পৰিণত হৈছে তেজপুৰ ৷ কিশোৰী ধৰ্ষণৰ পৰা আৰম্ভ কৰি গাড়ী চুৰি চক্ৰ, নিচাজাতীয় দ্ৰব্যৰ বেহাৰ কেন্দ্ৰস্থল হৈ পৰিছে তেজপুৰ ৷ আৰক্ষীৰ টোপনি হৰিছে এই অপৰাধীয়ে ৷ শনিবাৰে আৰক্ষীৰ জালত পৰে অপৰাধ সংঘটিত কৰা কেবাটাও অভিযুক্ত ৷

Sonitpur Police have arrested several accused criminals who committed crime
অবৈধ গাঞ্জা জব্দ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 9:49 AM IST

তেজপুৰ, 15 ছেপ্টেম্বৰ : শোণিতপুৰ আৰক্ষীৰ সফলতা ৷ পৃথকে পৃথকে তিনিটা অপৰাধ সংঘটিত কৰা কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ আৰক্ষী । বিলাসী গাড়ী ভাৰাত লৈ বিক্ৰী কৰাৰ এটা আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ দুজন লোককো গ্ৰেপ্তাৰ কৰে শোণিতপুৰ আৰক্ষীয়ে ।

অপৰাধৰ নগৰীলৈ পৰিণত তেজপুৰ (ETV Bharat Assam)
  • গাড়ী চুৰি চক্ৰ আৰক্ষীৰ জালত :

শনিবাৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মাধুৰীমা দাসে সংবাদ মাধ্যমক জনাই যে আৰক্ষীয়ে ওদালগুৰিৰ এটা গোচৰৰ ভিত্তিত অভিযান চলাই নাগালেণ্ডৰ পৰা এখন থাৰ গাড়ী উদ্ধাৰ কৰে ৷ লগতে দুজন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উদ্ধাৰ কৰা গাড়ীখনৰ নম্বৰ AS 01 FY 3421 ।

আৰক্ষীয়ে জনোৱা মতে, বিভিন্ন কোম্পানীৰ অধীনত গাড়ী দিয়াৰ প্ৰলোভনেৰে মালিকৰ পৰা লৈ অন্য ৰাজ্যত বিক্ৰী কৰা এটা বৃহৎ চক্ৰ আছে । এই চক্ৰটোৱে বহু সময়ত বহু গাড়ী লৈ ইতিমধ্যে উধাও হৈছে ৷ আৰক্ষীয়ে লাভ কৰা এক তথ্য মতে, দুষ্ট চক্ৰটোৱে ওদালগুৰিৰ পৰা অনা এই গাড়ীসমূহৰ চুক্তি তেজপুৰত কৰিছিল ।

গাড়ী চুৰি চক্ৰ (ETV Bharat Assam)

আৰক্ষীয়ে এক অভিযান চলাই নাগালেণ্ডৰ পৰা গাড়ী এখন উদ্ধাৰ কৰে । তেজপুৰ সদৰ আৰক্ষীৰ 554 নং গোচৰৰ ভিত্তিত খটখটিৰ আব্দুল জবৰ আৰু নাজিৰাৰ শংশাংক সন্দিকৈ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

  • চাৰিদুৱাৰত প্ৰায় 30 লাখ টকা মূল্যৰ গাঞ্জা জব্দ :

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত জব্দ প্ৰায় ডেৰ কুইন্টল গাঞ্জা । এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা AS-01-EM 6316 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহনেৰে নি থকা অৱস্থাত গাঞ্জাখিনি জব্দ কৰে । লগতে আৰক্ষীয়ে দুজন সৰবৰাহকাৰীকো আটক কৰে ৷

চাৰিদুৱাৰত জব্দ প্ৰায় ডেৰ কুইন্টল গাঞ্জা (ETV Bharat Assam)

ধৃত সৰবৰাহকাৰী দুজন ঢ়েকিয়াজুলিৰ দীপাংকৰ দাস আৰু পবিত্ৰ খোডাল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 20/30 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ।

  • পুনৰ কিশোৰী ধৰ্ষণৰ অভিযোগ:

এইবাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ উঠিছে ৷ জানিব পৰা মতে, অভিযুক্ত শিক্ষকগৰাকীৰ ঘৰত বনকৰা হিচাবে আছিল কিশোৰীগৰাকী ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ঢেকীয়াজুলিৰ মাজৰৌমাৰীৰ শিক্ষক শ্ৰীমন্ত বৰুৱা ৷ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ অন্তত এসপ্তাহৰ পিছত তেজপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্ৰীমন্ত বৰুৱাক ।

আৰক্ষীয়ে উল্লেখ কৰা মতে, ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰৌমাৰীৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাই তোলনীয়া ভনীয়েক হিচাপে ৰাখিছিল 15 বছৰীয়া কিশোৰীগৰাকীক । কিন্তু এই কিশোৰীগৰাকীৰ সৈতে অসৎ কৰ্ম কৰে শিক্ষক শ্ৰীমন্তই ৷ যেতিয়া কিশোৰীগৰাকী আন্তঃসত্ত্বা হয়, তেতিয়াহে ঘটনাটো পোহৰলৈ আহে ৷

শিক্ষকৰ হাতত ধৰ্ষিতা হ’ল এগৰাকী কিশোৰী (ETV Bharat Assam)

ইফালে এই ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে অভিযুক্ত শিক্ষক শ্ৰীমন্ত বৰুৱাই । অভিযুক্ত বৰুৱাক কৰায়ত্ত কৰাৰ দাবীত বিগত এসপ্তাহ ঢেকীয়াজুলি মাজৰৌমাৰী অঞ্চলত এক উত্তেজনাই বিৰাজ কৰিছিল ৷ একাংশ উত্তেজিত মহিলা আৰু কেইবাটাও দল সংগঠনে আৰক্ষী চকী ঘেৰাও কৰি অভিযুক্ত শিক্ষক শ্ৰীমন্ত বৰুৱাক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দুদিনৰ সময়সীমা বান্ধি দিছিল । তাৰ পাচতেই শুকুৰবাৰে বিয়লি তেজপুৰত আত্মগোপন কৰি থকা অভিযুক্ত শ্ৰীমন্ত বৰুৱাক 6 POCSO আইনৰ 169/24 ধাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :হত্যাৰ আঁৰত কি ? স্বামী হত্যাৰ অভিযোগত পত্নী পৰিল আৰক্ষীৰ জালত - Sensational Murder

লগতে পঢ়ক :বাস্তৱ কাহিনীৰ আধাৰত যুৱপ্ৰজন্মক সজাগ কৰিবলৈ আহি আছে ‘Victim’ - Assamese Web Series Victim

ABOUT THE AUTHOR

...view details