কাছাৰ, 18 ফেব্ৰুৱাৰী :পুনৰ চৰ্চালৈ আহিছে শিলচৰ এন আই টি ৷ জানিব পৰা মতে, শিলচৰ এন আই টিত পুনৰ সংঘটিত হৈছে মাৰপিটৰ দৰে ঘটনা । এন আই টিৰ একাংশ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰ আহত হৈছে তিনিজন ৰান্ধনী । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এন আই টি কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত ।
জানিব পৰা মতে, শুক্ৰবাৰে নিশা শিলচৰ এন আই টিৰ 7 নং হোষ্টেলত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা । নিশা এন আই টিৰ একাংশ গুণ্ডাৰূপী ছাত্ৰই হোষ্টেলৰ তিনিজন ৰান্ধনীক দলবদ্ধ আক্ৰমণ কৰে । লগতে ছাত্ৰকেইজনে ভাঙি চূৰমাৰ কৰে বহু সা-সামগ্ৰী ।
এই গুণ্ডাৰূপী ছাত্ৰৰ মাৰপিটত গুৰুতৰ আহত হয় তিনিজন ৰান্ধনী । পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা এন আই টি কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় ৷ তাৰ পাচতে এন আই টি কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত । অৱশ্যে শিলচৰ এন আই টিৰ এয়াই প্ৰথম ঘটনা নহয় ৷