তিনিচুকীয়া: দেশৰ মানচিত্ৰত দীৰ্ঘতম নদী দলং হিচাপে পৰিচিত ধলা-শদিয়া সংযোগী ড৹ ভূপেন হাজৰিকা সেতুক পোহৰাই তুলিবলৈ সংযোজিত ছ’লাৰ লাইট দুমাহতেই বিকল হোৱা কাৰ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৰাইজৰ মাজত । চলিত বৰ্ষৰ যোৱা ৪ ছেপ্তেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক শুভ উদ্বোধন কৰা এই ছ’লাৰ লাইট প্ৰকল্পৰ বহু লাইট সম্প্ৰতি বিকল হৈ পৰাত এতিয়া পুনৰ আন্ধাৰে ছানি ধৰিছে দলংখনৰ বিভিন্ন অংশ ।
তথ্য অনুসৰি মুঠ ৯.১৫ কি মি’ৰ দলং খনৰ সম্প্ৰতি মুঠ ১৪ টা লাইট বিকল হৈ পৰিছে । অভিযোগ উত্থাপন হৈছে প্ৰায় ৫২ কোটি টকাৰ ব্যয় সাপেক্ষে দলঙত চলাৰ লাইট সংযোগ তথা আলোকিকৰণ ঠিকা আৱন্টন পোৱা ঠিকাদাৰী প্ৰতিষ্ঠান “আছাম চাপ্লাই ছিণ্ডিকিট” এ আৰম্ভণি অৱস্থাৰে পৰা চৰম মইমতালি আৰু নিম্ন মানৰ সামগ্ৰীৰে লাইট সংযোগৰ কাম অব্যাহত ৰখাৰ অভিযোগ উঠিছিল । যাৰ পৰিপ্ৰেক্ষিতত উদ্বোধনৰ মাত্ৰ দুমাহ পাছতেই ক্ৰমাৎ বিকল হৈ পৰিছে লাইটসমূহ । ৰাইজে অতি শিঘ্ৰেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।
উল্লেখ্য যে, বৰ লুইতৰ পানছৈ ঘাট, অসীমলৈ নাও এৰি দিয়া নাৱৰীয়া জন আৰু সিপাৰলৈ চাই ৰোৱা এজাক জলপথৰ যাত্ৰী আৰু এতিয়া নাই । এতিয়া সকলোয়ে যায় শদিয়ালৈ বৰ লুইতৰ ওপৰেৰে হেঁপাহৰ দলঙেৰে । বিশিষ্ট কণ্ঠশিল্পী প্ৰয়াত খগেন মহন্তই সেই তাহানিতেই গোৱাৰ দৰে শদিয়া যেন আজি ৰিং এটাৰ বাট । শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা(ধলা )আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা মুঠ ৯.১৫ কি.মি. দৈঘ্যৰ দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং” খন ৷
২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰিছিল এই দলংখন আৰু উক্ত দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম এই দলংখন অসমবাসীৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল । লগে লগে আনন্দত আত্মহাৰা হৈছিল প্ৰতিজন অসমীয়া ।