বৰপেটা, ৩০ এপ্ৰিল :অধৰ চন্দ্ৰ গায়ন আৰু নাই ৷ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এই ইহ সংসাৰৰ পৰা বিদায় মাগিলে অধৰ চন্দ্ৰ গায়নে ৷ বৰপেটা চহৰৰ গায়নহাটী নিবাসী অধৰ চন্দ্ৰ গায়নৰ সোমবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ প্ৰয়াত অধৰ চন্দ্ৰ গায়ন আছিল সত্ৰনগৰী বৰপেটাৰ এগৰাকী সামাজিক, সাংস্কৃতিক কৰ্মী ৷ লগতে তেওঁ আছিল এজন সুদক্ষ অভিনেতা আৰু নাট পৰিচালক ৷
মৃত্যুৰ সময়ত প্ৰয়াত গায়নৰ বয়স আছিল প্ৰায় ৮৩ বছৰ ৷ জানিব পৰা মতে, ২১ এপ্ৰিলৰ পুৱা সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতিৰ ৰঙালী বিহুৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল প্ৰয়াত অধৰ চন্দ্ৰ গায়নে ৷ তেতিয়াই হঠাতে তেওঁ অসুস্থ হৈ পৰে বিহুবলীয়া সাংস্কৃতিক কৰ্মীগৰাকী ৷
তাৰ পাচতে ততালিকে তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰা হয় ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ তেতিয়াৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছিল সাংস্কৃতিক কৰ্মীগৰাকী ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে সকলোকে কন্দুৱাই যোৱা নিশা কোনো অজান দেশলৈ গ’ল গৈ অধৰ চন্দ্ৰ গায়ন ৷
সকলোৰে মুখে মুখে এতিয়া এটাই কথা, আজীৱন বিহুৰ সৈতে জড়িত হৈ থকা গায়নে সৌ-সিদিনা পুৱা ঘৰৰ পৰা বিহু তলিলৈ ওলাই গৈ আৰু ঘৰলৈ ঘূৰি নাহিল ৷ মাক্সবাদী চিন্তাৰে শ্ৰমিক নেতা ৰূপে পৰিচিত গায়নে বৰপেটা জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে শ্ৰমিক সন্থাৰ পুঁজি গঠনৰো চেষ্টা চলাইছিল ৷