অসম

assam

ETV Bharat / state

অৰুণাচলত নিৰ্মাণ কৰা নদীবান্ধৰ বিৰোধিতাৰে তিনিচুকীয়াত ছাত্ৰ-নাৰী মুক্তিৰ উত্তাল প্ৰতিবাদ

অৰুণাচলত নিৰ্মাণ কৰা নদীবান্ধৰ বিৰোধিতাৰে তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ । ১৩৫ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম অতিশীঘ্ৰে বন্ধ কৰিবলৈ দাবী প্ৰতিবাদকাৰীৰ ৷

SMSS PROTEST AT TINSUKIA
তিনিচুকীয়াত ছাত্ৰ-নাৰী মুক্তিৰ উত্তাল প্ৰতিবাদ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

তিনিচুকীয়া: অৰুণাচল প্রদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১৩৫ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰা দাবীত আজি তিনিচুকীয়াৰ আয়ুক্তৰ কাৰ্যালয়ত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তিনিচুকীয়াৰ আকাশ-বতাহ কঁপাই তোলে ছাত্র মুক্তি সংগ্রাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ তেওঁলোকে এই প্ৰতিবাদৰ জৰিয়তে নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পর্কে অধ্যয়ন নকৰাকৈ অবিজ্ঞানসন্মতভাবে অৰুণাচল প্রদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১৩৫ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম অতিশীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনায় ৷

প্ৰতিবাদৰ সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সভাপতিদ্বয় পাপু দত্ত আৰু দেবব্ৰত শইকীয়াই কয়, "অৰুণাচল প্ৰদেশত ইতিমধ্যে নদীবান্ধ নিৰ্মাণ কৰিবলৈ ৫০ হাজাৰ গছ কাটিলে আৰু ৩ লাখ গছ কাটিবলৈ সাজু হৈ আছে । এনে জৈৱ বৈচিত্ৰ ধ্বংসকাৰী কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব । অৰুণাচল প্ৰদেশত নদীবান্ধ নিৰ্মাণ কৰিব আৰু অসমৰ ওপৰেৰে বিদ্যুৎ গুজৰাটলৈ লৈ যাব । গুজৰাটৰ প্ৰতি থকা এনে দৰদ কেতিয়াও সহ্য কৰা নহ’ব । আজি তিনিচুকীয়াৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে ৷ এই প্ৰতিবাদ গুৱাহাটীলৈ যাব, তাৰ পাছতো যদি নদীবান্ধ বন্ধ নহয় আন্দোলন দিল্লীলৈ লৈ যোৱা হ’ব ।"

তিনিচুকীয়াত ছাত্ৰ-নাৰী মুক্তিৰ উত্তাল প্ৰতিবাদ (Etv Bharat Assam)

সমান্তৰালভাৱে তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণে কয়, "ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে বৃহৎ নদীবান্ধ বন্ধ কৰা হ’ব বুলি ক’ব আৰু নিৰ্বাচনৰ পাছত হিন্দু ধৰ্মৰ উপাসনাস্থলী পৰশুৰামকুণ্ড ধ্বংস কৰাৰ বাবে নদীবান্ধ বনাব ৷ অসমক ভাল পায় বাবে A ফ’ৰ Assam বুলি ক’ব আৰু অসমৰ মানুহ শেষ কৰিবৰ বাবে দিবাংভেলী বনাব, শদিয়াক শেষ কৰিব, এই কথা অসমীয়াই ভাল পোৱা নাই, থলগিৰিসকলে ভাল পোৱা নাই । অসমৰ জনতাই যিকাৰণে বিজেপিক ভোট দিছিল সেই কামবিলাক কৰিব লাগিছিল । গতিকে নদীবান্ধৰ বিৰুদ্ধে অনাগত দিনত প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বিজেপি চৰকাৰ ।"

লগতে পঢ়ক:শতাধিক নদীবান্ধ নির্মাণ কৰি অসমক মৰুভূমিত পৰিণত কৰাৰ চক্ৰান্ত বিজেপি চৰকাৰৰ

ABOUT THE AUTHOR

...view details