অসম

assam

ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বটলিফ চাহ নির্মাতা সন্থাৰ; আজিৰে পৰা ফেক্টৰীয়ে নলয় কেঁচা চাহপাত - TEA BOARD - TEA BOARD

Small tea growers in Assam : অসম বটলিফ চাহ নির্মাতা সন্থা আৰু ক্ষুদ্ৰ চাহ সন্থাৰ সংবাদমেল ৷ লাহোৱালত আয়োজিত এই সংবাদমেলতে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত গ্ৰহণ নকৰে বুলি ঘোষণা সন্থা দুটাৰ ৷

Bought Leaf  factory has decided not to accept raw tea leaves from smallholder tea farmers
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বটলিফ চাহ নির্মাতা সন্থাৰ; আজিৰে পৰা ফেক্টৰীয়ে নলয় কেঁচা চাহপাত (Etv bharat assam)

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:12 AM IST

মৰাণ, 1 জুন: আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাবে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰা সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা জুন অৰ্থাৎ আজিৰে পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ।

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বটলিফ চাহ নির্মাতা সন্থাৰ; আজিৰে পৰা ফেক্টৰীয়ে নলয় কেঁচা চাহপাত (Etv bharat assam)

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসম বটলিফ চাহ নির্মাতা সন্থাই (ABLMTA) 1 জুনৰ পৰা ক্ষুদ্র চাহ খেতিয়কসকলৰ কেঁচা চাহপাত ক্রয় নকৰাৰ সিদ্ধান্তৰ কথা জনাইছিল । চাহ ব’ৰ্ডে অসম বটলিফ চাহ নির্মাতা সন্থালৈ দিয়া এচ অ' পিৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জনাইছিল বটলিফ সন্থাই । এই ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু অসম বটলিফ চাহ নির্মাতা সন্থাই ৰাজ্য চৰকাৰক বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজিৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় অসম বটলিফ চাহ নির্মাতা সন্থাই ।

ডিব্ৰুগড়ৰ লাহোৱালত বটলিফ ফেক্টৰী সন্থা আৰু ক্ষুদ্ৰ চাহ সন্থাই এক যুটীয়া সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিছে । টী ব'ৰ্ড আৰু অসম চৰকাৰৰ ওচৰত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই বটলিফ ফেক্টৰী সন্থাই বিভিন্ন সমস্যা সন্দৰ্ভত সমাধানৰ অনুৰোধ কৰি আহিছিল যদিও কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিল বুলি সংবাদ মাধ্যমক জনায় ।

বটলিফ ফেক্টৰীৰ স্বতাধিকাৰীসকলে চাহপাত বনাব আৰু অপচনত কেনেকৈ বিক্ৰী কৰিব তাৰ এক নিৰ্দিষ্ট এচ অ' পি তৈয়াৰ কৰিবলৈ টী ব'ৰ্ড আৰু অসম চৰকাৰক দাবী জনাই আহিছিল । কিন্তু আজি ছয় মাহ অতিক্ৰম কৰাৰ পাছতো টী ব'ৰ্ডে কোনো এছ অ' পি প্ৰদান নকৰি কেৱলমাত্ৰ কেঁচাপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় কৰি থকা বুলি কৈ বটলিফ ফেক্টৰী সন্থাক গুৰুত্বহীন কৰা বুলি অভিযোগ কৰিছে ।

লগতে চাহ ব’ৰ্ডে বটলিফ চাহ ফেক্টৰীসমূহত নিৰ্মাণ হোৱা চাহত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণ লাভ কৰাৰ অভিযোগ কৰি নতুন নতুন নিয়ম প্ৰৱৰ্তন কৰি অসম বটলিফ ফেক্টৰী সন্থাক শোষণ কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ তোলে ৷ সেয়ে অনিচ্ছাকৃতভাৱে কেঁচা চাহপাত আজিৰ পৰা সংগ্ৰহ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে সদৌ অসম বটলিফ ফেক্টৰী সন্থাই ।

শীঘ্ৰে চৰকাৰে এই সমস্যা সমাধান নকৰিলে সদৌ অসম বটলিফ ফেক্টৰী সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই নিজাকৈ কিছু সিদ্ধান্ত ল'ব বুলিও জানিবলৈ দিছে । শুকুৰবাৰে আয়োজিত সংবাদমেলত সদৌ অসম বটলিফ ফেক্টৰী সন্থাৰ সভাপতি চান্দ কুমাৰ গোঁহাই আৰু সাধাৰণ সম্পাদক গৌতম বেৰীয়াৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:বটলিফ ফেক্টৰীয়ে নলয় কেঁচা চাহপাত : আন্দোলনৰ হুংকাৰ আটাছুৰ - Assam Tea Industry

ABOUT THE AUTHOR

...view details