অসম

assam

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 4:21 PM IST

ETV Bharat / state

অসমৰ কুটিৰ শিল্পক জীয়াই ৰখা ৰমণী বৰ্মনক চিনি পায়নে ?

Nalbari Cane industry : আপুনি বাৰু চিনি পায়নে বাঁহৰ কুলা, পাচি, খৰাহী, ডলা, মূঢ়া, খালৈ, জাকৈ, ডুলি, ঢাৰি, জাপি ইত্যাদি ? আপোনালোকৰ ঘৰত আছেনে বাৰু বেতৰ চকী, ঢাৰি বা অন্যান্য সামগ্ৰী ? আধুনিকতাৰ যুগতো বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰি নলবাৰীৰ কেন্দুকুছিৰ এজন লোকে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে অসমৰ কুটিৰ শিল্পক ৷ পিচে কোন এই শিল্পীগৰাকী ?

Nalbari Cane industry
অসমৰ কুটিৰ শিল্পক জীয়াই ৰখা ৰমণী বৰ্মনক চিনি পায়নে ?

অসমৰ কুটিৰ শিল্পক জীয়াই ৰখা ৰমণী বৰ্মনক চিনি পায়নে ?

বাক্সা, ১৯ ফেব্ৰুৱাৰী :কুটিৰ শিল্প, বিশেষকৈ অসম কুটিৰ শিল্পত চহকী ৷ বৰ্তমান সময়ত দৈনন্দিন জীৱনত মানুহে ঘৰত ব্যৱহাৰ কৰা সামগ্ৰীবোৰ প্লাষ্টিক, কাঠ বা কাচেৰে তৈয়াৰী । তাৰ মাজতো কুটিৰ শিল্পীসকলে বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰি বজাৰ দখল কৰি আহিছে ৷ আনকি নিজৰ লগতে আন দহজনকো উপাৰ্জনৰ পথ প্ৰশস্ত কৰি দিছে ৷

বৰ্তমান সময়ত প্লাষ্টিক বা কাচেৰে তৈয়াৰী সামগ্ৰীৰ সমাদৰ অধিক যদিও কাঠ-বাঁহ-বেতৰ সামগ্ৰীৰ সমাদৰ লাঘৱ হোৱা নাই ৷ আমি আজি উল্লেখ কৰিব লৈছো এগৰাকী কুটিৰ শিল্পীৰ বিষয়ে ৷ যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নানা তৰহৰ বাঁহ-বেতৰ সামগ্ৰীয়ে ৷

আজি আমি ক’বলৈ লৈছো অবিভক্ত নলবাৰীৰ কেন্দুকুছি গাঁৱৰ ৰমণী বৰ্মনৰ কথা ৷ ১৯৮৪ চনৰে পৰা বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণৰ সৈতে জড়িত হৈ আছে ৰমণী বৰ্মন । সুদীৰ্ঘ সময় তেওঁ গুৱাহাটী মহানগৰীতে এই ব্যৱসায় চলাই গৈছিল ৷ কিন্তু লক ডাউনৰ সময়ত বৰ্মনে ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈছিল ৷

অৱশ্যে ঘৰলৈ উভতি অহাৰ পাচতো নিজৰ হাতৰ বিদ্যাটো এৰি দিয়া নাছিল ৰমণী বৰ্মনে ৷ গুৱাহাটীৰ বিপৰীতে তেওঁ গৃহ চহৰ বৰমাত নিজৰ থলুৱা শিল্প কৰ্ম আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু কথামতেই সকলো নিয়াৰিকৈ চলাই লৈ যায় ।

বৰ্তমান বাঁহেৰে কুলা, পাচি, খৰাহী, ডলা, মূঢ়া, খালৈ, জাকৈ, ডুলি, ঢাৰি, জাপি আদিৰ লগতে বেতৰ বিভিন্ন আটকধুনীয়া আচবাব, চকী, সাজ-সজ্জাৰ সামগ্ৰী নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আছে ৰমণী বৰ্মনে । যি সময়ত প্লাষ্টিকৰ সামগ্ৰী তথা অন্যান্য সস্তীয়া সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, তেনে সময়ত নলবাৰীৰ এইজন লোকে নীৰৱে আজিও তৈয়াৰ কৰি গৈছে বাঁহ-বেতেৰে নিত্য নৈমিত্তিক ব্যৱহার্য আৰু গ্ৰাম্য সমাজৰ পৰা হেৰাই যাব ধৰা বহু সামগ্ৰী ৷

তেওঁ তৈয়াৰ কৰা এই বাঁহ, বেতৰ সামগ্ৰীসমূহ স্থানীয় অঞ্চলসমূহৰ লগতে বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি আহিছে । বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাই নহয়, বিভিন্ন ধৰণৰ গৃহ শোভাবৰ্ধনৰ সামগ্ৰীও প্ৰস্তুত কৰে এই ব্যক্তিগৰাকীয়ে । অসমৰ বাঁহ-বেতৰ শিল্পক বহিঃৰাজ্যত চিনাকি কৰি দিয়াৰ মানসেৰে দিল্লী, মুম্বাই, হাৰিয়ানা, পঞ্জাব আদি স্থানত অনুষ্ঠিত হোৱা বাণিজ্য মেলাসমূহলৈও গৈ আদৰ বুটলিবলৈ সক্ষম হৈছে ৰমণী বৰ্মনে ।

সৰু বৰ বিভিন্ন জাপি, সৰু সৰু বিভিন্ন গৃহ শোভাবৰ্ধনৰ সামগ্ৰী গ্ৰাহকে যথেষ্ট পছন্দ কৰে বুলি জনিবলৈ দিয়ে ৰমণী বৰ্মনে ।

লগতে পঢ়ক :Hand craft by college teacher: নগাঁৱৰ এগৰাকী শিক্ষাবিদৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ সামগ্ৰী

ABOUT THE AUTHOR

...view details