অসম

assam

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 9:58 PM IST

ETV Bharat / state

চিৰাঙৰ নিজলাগুৰিত ৰাইজৰ শ্ৰমদানেৰে শ্লুইচ গেট মেৰামতি - Assam irrigation department

Sluice Gate Repaired by Villagers: চৰকাৰলৈ অপেক্ষাৰ নকৰি চিৰাঙৰ ২৫ খন গাঁৱৰ লোক ওলাই আহিল নিজলাগুৰি শ্লুইচ গেটৰ মেৰামতি তথা বান্ধৰ কামৰ বাবে । প্ৰতিজন কৃষকে ১০০-২০০ টকাকৈ দিয়াৰ লগতে চকীদাৰৰ বাবদ মাহেকত বিঘাই প্ৰতি দিবলগা হয় ৬০ টকা ।

Sluice Gate Repaired by Villagers
ৰাইজৰ শ্ৰমদানেৰে শ্লুইচ গে'ট মেৰামতি (ETV Bharat Assam)

চিৰাং, ২৮ জুন : চিৰাঙৰ নিজলাগুৰিত জলসিঞ্চন বিভাগৰ শ্লুইচ গেটৰ কাম কৰিবলৈ ওলাই আহিল ২৫ খন গাঁৱৰ ৰাইজ । চৰকাৰৰ আশা বাদ দি এইদৰে ৰাইজে হাতে-কামে লাগিল শ্লুইচ গেট মেৰামতিৰ কামত ।

ৰাইজৰ শ্ৰমেৰে শ্লুইচ গে'ট মেৰামতি (ETV Bharat Assam)

উল্লেখ্য, চিৰাং জিলা গঠনৰ পূৰ্বে অৰ্থাৎ ১৯৮০ চনতে বঙাইগাঁও সংমণ্ডল জনসিঞ্চন বিভাগে নিৰ্মাণ কৰা নিজলাগুৰিৰ এইখন শ্লুইচ গেটৰ দায়িত্ব এতিয়া বঙাইগাঁও বা চিৰাং কোনো জিলাই নলয় বুলি জনায় স্থানীয় কৃষকে । আনহাতে, ইয়াৰ চোৱা-চিতাৰ বাবে পূৰ্বতে চকীদাৰ আছিল যদিও তেওঁৰ অৱসৰৰ পিচত এতিয়া শ্লুইচ গেটটো চোৱা-চিতা কৰাৰ বাবে কোনো লোক নিযুক্তি দিয়া নাই । যাৰ বাবে প্ৰতিজন কৃষকে ১০০-২০০ টকাকৈ দিয়াৰ লগতে বিঘাই প্ৰতি ৬০ টকাকৈ উঠাই কৃষকসকলে নিজেই চকীদাৰ নিয়োগ কৰে ।

ইয়াৰ উপৰি এই বান্ধ বছৰত কেইবাবাৰো এইসকল কৃষকেই মেৰামতিও কৰিব লাগে । কিন্তু বিটিচি চৰকাৰে এই ক্ষেত্ৰত কোনো দায়িত্ব লোৱা নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে আই নৈ সংলগ্ন এই শ্লুইচ গেটখনত ৰাইজে দিয়া বান্ধ নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে ভাঙি যায় । সেয়াও পুনৰ ৰাইজে নিজৰ গাঁঠিৰ ধনৰ লগতে শ্ৰমদান কৰি ঠিক কৰিবলগীয়া হয় ।

এনেদৰেই ২৫ খন গাঁৱৰ ৩-৪ হেজাৰ লোক বিগত প্ৰায় ২০ বছৰৰ পৰা চলি আহিছে । অৱশ্যে বিগত ২০১৬-১৭ বৰ্ষত বিপিএফ নেতৃত্বাধীন বিটিচি প্ৰশাসনে শ্লুইচ গেট মেৰামতি তথা পৰিসৰ বৃদ্ধিৰ বাবে পুঁজি মঞ্জুৰি দিছিল যদিও সেয়াও বিগত ৮ বছৰে অৰ্ধনিৰ্মিত হৈ থাকিল । সেয়ে ভুক্তভোগী ২৫ খন গাঁৱৰ ৰাইজে বিষয়টো বিটিচি প্ৰশাসন তথা অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰি কৃষক ৰাইজৰ সহায়ক হ'ব পৰাকৈ শ্লুইচ গেটখনৰ মেৰামতিৰ দাবী জনাইছে ।

লগতে পঢ়ক :

জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ৰাইজ লাগিল হাতে কামে - Pathetic Road Condition

কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ : ব্যস্ত ৰাজপথত চলিল নাও - Assam Flood 2024

ABOUT THE AUTHOR

...view details