অসম

assam

ETV Bharat / state

বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ কংকাল; প্ৰায় চাৰিমাহ ধৰি দেখা নাছিল চুবুৰীয়াই

Woman skeleton found: গুৱাহাটীৰ এটা বন্ধ কোঠাত মহিলাৰ কংকাল উদ্ধাৰ ৷ মানসিকভাৱে বিকৰগ্ৰস্ত পুত্ৰই হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীক ৷

By ETV Bharat Assamese Team

Published : 8 hours ago

Woman skeleton found
বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ কংকাল (ETV Bharat)

গুৱাহাটী: মহানগৰীত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা । ফটাশিল আমবাৰী থানাৰ অন্তৰ্গত জ্যোতিকুছিৰ এটা বন্ধ কোঠাত উদ্ধাৰ হৈছে এটা নৰকংকাল । উদ্ধাৰ হোৱা কংকালটো পূৰ্ণিমা দে’ নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, জ্যোতিকুছিৰ ধপলিয়াত পুত্ৰৰ সৈতে বাস কৰিছিল পূৰ্ণিমা দে’ নামৰ মহিলাগৰাকীয়ে । কিন্তু ওচৰ-চুবুৰীয়াই সদৰী কৰা অনুসৰি বিগত প্ৰায় চাৰি মাহে মহিলাগৰাকীক প্ৰত্যক্ষ কৰা নাছিল তেওঁলোকে । পুত্ৰ জয়দ্বীপ দে’ক চুবুৰীয়াই সুধিলে মাতৃ ভালে থকা বুলি জানিবলৈ দিছিল । আনকি হাবি-জংঘলেৰে আৱৰি থকা চৌহদটোত কোনোৱে সোমাব বিচাৰিলেও পুত্ৰ জয়দীপে কাকোৱেই সোমাব নিদিছিল । জয়দ্বীপ মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও জানিবলৈ দিছে চুবুৰীয়াই ৷

বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ কংকাল (ETV Bharat)

দেওবাৰে চুবুৰীয়াই পূৰ্ণিমা দে’ৰ খবৰ লোৱাৰ উদ্দেশ্যে ঘৰটোত বলপূৰ্বকভাৱে সোমাব বিচাৰত পুত্ৰই বাধা দিয়ে । ইয়াৰ পাছতে ওচৰ-চুবুৰীয়াই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ফটাশিল আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হোৱাৰ পাছত কোঠাটোত প্ৰবেশ কৰি নৰকংকালটো প্ৰত্যক্ষ কৰে । লগে লগে সমগ্ৰ ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া, CID ৰ উপৰিও ফৰেন্সিকৰ দল উপস্থিত হৈ কংকালটো পৰীক্ষা কৰে । লগতে মানসিকভাৱে বিকাৰগ্ৰস্ত পুত্ৰক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰি থানলৈ লৈ যায় ।

উল্লেখ্য যে মহিলাগৰাকীৰ স্বামী ৰে’ল বিভাগৰ কৰ্মচাৰী আছিল । তিনি বছৰ পূৰ্বে ষ্ট্ৰোক হৈ মৃত্যু হৈছিল স্বামীৰ । তেতিয়াৰ পৰা পুত্ৰৰ সৈতে এই ঘৰটোতে বাস কৰিছিল মহিলাগৰাকীয়ে । কিন্তু আজি ৰহস্যজনকভাৱে বাসগৃহটোত নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ গুৱাহাটী মহানগৰীতে যথেষ্ট চাঞ্চলৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

হত্যাৰ আঁৰত কি ? স্বামী হত্যাৰ অভিযোগত পত্নী পৰিল আৰক্ষীৰ জালত - Sensational Murder

ABOUT THE AUTHOR

...view details