শিৱসাগৰ, 20 জুন : 13 দিনৰ পূৰ্বে অৰ্থাৎ 8 জুনত সকলোকে এৰি গুচি গ’ল অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰামোজী ৰাও ৷ ৰামোজী ৰাওলৈ শেষ শ্ৰদ্ধা জনাই বৃহস্পতিবাৰে শিৱসাগৰত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকি মহান ব্যক্তিগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড৹ প্ৰতীম শৰ্মা, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সম্পাদক জয়জ্যোতি গগৈৰ লগতে বহু লোকে ৷
শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে প্ৰয়াত ৰাওৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ তাৰ পাচতে ৰামোজী ৰাওৰ জীৱনৰ ওপৰত চুটি আলোকপাত কৰে শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যাপক ৰঞ্জিত তামুলীয়ে । ৰঞ্জিত তামুলীৰ লগতে শিৱসাগৰৰ সংবাদ মহল, সমাজ-শিক্ষা-ক্ৰীড়া-সাংস্কৃতিক জীৱনৰ সৈতে জড়িত বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত ৰাওৰ কৰ্মৰাজিক স্মৰণ কৰে ।
লগতে পঢ়ক :স্মৃতি বনমত পদচিহ্ন ৰৈ গ’ল ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ - Ramoji Rao passes away