গুৱাহাটী,৪ ছেপ্টেম্বৰ:বিয়াগোম অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমী বৰা আৰু তাৰ্কিক বৰা বৰ্তমান সময়টো পলাতক অৱস্থাত আছে । কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ গোপনে আঁতৰি যোৱা চুমী বৰা আৰু তাৰ্কিক বৰাৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে । ইফালে দীক্ষু শৰ্মাৰ ঘৰৰ পৰা ওলাই যোৱাৰ ক্ষেত্রত চুমী বৰা আৰু তাৰ্কিক বৰাক সহায় কৰা বুলি নাম সাঙোৰ খাই পৰিছে কণ্ঠশিল্পী গীতালি দেৱীৰ ।
ঘটনাৰ লগত নামটো চৰ্চালৈ অহাৰ লগে লগে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে গীতালি দেৱীয়ে । চুমী বৰা আৰু তাৰ্কিক বৰাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি সদৰী কৰে গীতালি দেৱীয়ে । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয়, "তেওঁলোকে ক'ত আছে মই একো না়জানো । যিটো নিউজ ওলাইছে তাত মই মোৰ নিজৰ কামত গৈছিলো । তাত এজন ভাইটি থাকে । এটা এপাৰ্টমেণ্টত এজনেই নাথাকে, বহুত মানুহ থাকে । মই গানৰ কামত গৈছিলো । সেই ভিজুৱেলখিনিয়ে দেখিছে ।"
লগতে তেওঁ কয়, "কোৱা হৈছে যে মই গাড়ী চলাই কাৰোবাক লৈ আহিছো । কিন্তু মই গাড়ী চলাবই নাজানো । আজিলৈ ষ্টিয়েৰিঙে ধৰি পোৱা নাই । মই আৰু মোৰ মানুহজন আছিলো । গানৰ কামত গৈছিলো । বাহিৰত আমি কথা পাতি আছিলো । মই এটাই স্পষ্টীকৰণ দি কওঁ যে মই নিজৰ কামত গৈছিলো । মোৰ কাৰো লগত সম্পৰ্ক নাই, তেনে ধৰণৰ মানুহখিনিৰ লগত । যেতিয়াই পাইছে কেৱল হাই-হেল্ল’। মোৰ দীক্ষু আৰু পৰিয়ালৰ লগত ঘৰুৱা এটা সম্পৰ্ক আছে । মোক যাৰ লগত সাঙোৰ খুৱাইছে, মই গাড়ীত উঠাই নি ক’ৰবাত থৈছো বুলি কৈছে, সেইটো একেবাৰেই মিছা ।"
ইয়াৰোপৰি গীতালি দেৱীয়ে কয়,"মোৰ চুমী বৰাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই । মই তেওঁলোক ক’ত আছে নাজানো । মোৰ নামটো এনেয়ে সাঙোৰ খুওৱাটো মই ভাল পোৱা নাই । মই বেয়া পাইছো । মই যিটো কাম কৰাই নাই তাত কিয় মোৰ সাঙুৰি লৈছে । মই কালি যোৱাটো সঁচা আৰু মই কামৰ কাৰণে গৈছিলো । মই কাকো ৰক্ষণাবেক্ষণ দিয়া নাই । মোৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ।"