অসম

assam

ETV Bharat / state

ৰঙে-ৰূপে ভৰপুৰ মাজুলীয়ে আহিনত হাতবাউলি মাতে পৰ্যটকক - World Tourism Day 2024 - WORLD TOURISM DAY 2024

Tourist spots in Majuli: আজি বিশ্ব পৰ্যটন দিৱস । পৰ্যটনৰ মানচিত্ৰত অনন্য স্থান দখল কৰা মাজুলী অসমৰ পৰ্যটনৰ এক উল্লেখযোগ্য সমল । মাজুলীত থকা ঐতিহাসিক সমলে হাতবাউল দি মাতে পৰ্যটকক । ইয়াৰোপৰি দেশ-বিদেশৰ পৰ্যটকক মুগ্ধ কৰে মাজুলীৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশে ।

Significance of Majuli on World Tourism Day
বিশ্ব পৰ্যটন দিৱসত মাজুলীৰ তাৎপৰ্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 4:08 PM IST

মাজুলী,২৭ ছেপ্টেম্বৰ: ১৯৮০ চনৰ পৰা ২৭ ছেপ্টেম্বৰৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে উদযাপন কৰি অহা হৈছে । অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনত মাজুলীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ লগতে মাজুলীৰ বিভিন্ন সংস্কৃতিক অনুষ্ঠানে হাতবাউল দি মাতে দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকক । মাজুলীলৈ সকলো মাহতে কম বেছি পৰিমাণে পৰ্যটক আহিলেও বিশেষকৈ মাজুলীত নৱেম্বৰ মাহৰ পৰা পৰ্যটকসকলৰ ভিৰ দেখিবলৈ বেছিকৈ পোৱা যায় ।

দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিভিন্ন সমল সত্ৰপীঠ মাজুলীত উপলব্ধ । চৰকাৰী সা-সুবিধাৰ অভাৱতেই আন কিছুমান অসুবিধাৰ বাবেই আজিৰ তাৰিখত মাজুলিলৈ পৰ্যটকক আকৰ্ষণ কৰিব পৰা কিছু সমল বিলুপ্তিৰ পথত আগবাঢ়িছে । ইয়াৰ ভিতৰত শালমৰাৰ মৃৎশিল্প অন্যতম । ৩৫ খন সত্ৰ আৰু ৩০০ ৰ অধিক নামঘৰ থকা মাজুলীৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে ।

বিশ্ব পৰ্যটন দিৱসত মাজুলীৰ তাৎপৰ্য (ETV Bharat Assam)

সত্ৰ়পীঠ মাজুলীত আছে ৩৫ খনকৈ সত্ৰ । মাজুলীৰ এই ঐতিহাসিক সত্ৰসমূহত আছে পুৰণিকলীয়া বহু আপুৰুগীয়া সমল, যিবোৰ চাবৰ বাবে বিভিন্ন সময়ত এই সত্ৰসমূহলৈ আগমন ঘটে বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ । মাজুলীৰ সত্ৰ-নামঘৰসমূহত পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেও আকৰ্ষণ কৰে পৰ্যটকসকলক । আন আন অনুষ্ঠানৰ লগতে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ লাখ লাখ লোকৰ আগমন ঘটে মাজুলীলৈ ।

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীত আছে পৰ্যটনৰ অলেখ সমল ৷ ইয়াৰ ভিতৰত আছে মাজুলীৰ ৩৫ খন সত্ৰ, মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখাশিল্প, মাজুলীৰ ঐতিহাসিক দাক্ষিণপাট সত্ৰৰ বৰভঁৰাল, মাজুলীৰ শালমৰাৰ মৃৎশিল্প, বেঙেনাআটি সত্ৰৰ যাদুঘৰ, বিভিন্ন দেশী-বিদেশী চৰাইৰ বিচৰণস্থলী আৰু বহুতো । এককথাত ক'বলৈ গ'লে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা বহুতো সমল উপলব্ধ মাজুলীত ।

লগতে পঢ়ক:বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024

স্বচ্ছতা অভিযান আৰু সজাগতা চাইকেল ৰেলীৰে কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন - WORLD TOURISM DAY 2024

ABOUT THE AUTHOR

...view details