অসম

assam

ETV Bharat / state

ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হ’ব মুখ্যমন্ত্ৰী - save historical content

Historical place of Assam : ইতিহাস প্ৰসিদ্ধ ৰজাপুখুৰী শ্যাম গাঁও ৷ কছাৰী ৰজাৰ দিনতেই স্থাপন হৈছিল এই গাঁওখন ৷ ১৪ ফেব্ৰুৱাৰীত এই ইতিহাস বিজৰিত গাঁওখনলৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Historical place of Assam
ইতিহাস প্ৰসিদ্ধ ৰজাপুখুৰী শ্যাম গাঁও

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:46 PM IST

Updated : Feb 12, 2024, 10:53 PM IST

ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হ’ব মুখ্যমন্ত্ৰী

সৰুপথাৰ, ১২ ফেব্ৰুৱাৰী : ৰজাপুখুৰী ৷ ইতিহাস প্ৰসিদ্ধ ৰজাপুখুৰী এই পুখুৰী ৷ সম্ভৱতঃ কছাৰী ৰজাই খন্দোৱাইছিল এই বৃহৎপুখুৰীটো ৷ সময় বাগৰিল ৷ চাওঁতে চাওঁতে এই পুখুৰীৰ পাৰতে গঢ়ি উঠিল এখন গাঁও ৷ সেয়ে ৰজাপুখুৰীৰ পাৰত গঢ়ি উঠা এই গাঁওখনক আজিও ৰজাপুখুৰী শ্যাম গাঁও বুলিয়েই জনা যায় ৷

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ১ নং ৰজাপুখুৰী শ্যাম গাঁও । ইতিহাসৰ পৃষ্ঠাত ঐতিহাসিক সমলেৰে আজিও সমৃদ্ধ হৈ আছে এই অঞ্চলটো ৷ কিংবদন্তি অনুসৰি, এই শ্যাম গাঁওখন বিংশ শতিকাৰ প্ৰথম দশকতে প্ৰতিষ্ঠা হৈছিল । প্ৰথমতে মাত্ৰ ৭ ঘৰ লোকৰ পৰিয়ালে বাস কৰিছিল এই সৰু শ্যাম গাঁওখনত ৷

আজিৰ তাৰিখত ৰজাপুখুৰী শ্যাম গাঁৱত মুঠ ৯৩ টা পৰিয়াল আছে ৷ গাঁওখনৰ মুঠ জনসংখ্যা ৪১৮ জন । সমাজ পাতি বসবাস কৰা টাইমূলীয় শ্যামসকলৰ আছে সুকীয়া বৈশিষ্ট । এই লোকসকলে চাংঘৰত বসবাস কৰে যদিও আধুনিকতাই গ্ৰাস কৰা সাম্প্ৰতিক কালত চাংঘৰৰ সংখ্যা যথেষ্ট কমি আহিছে ।

দৈনন্দিন জীৱনত যাতায়ত, শিক্ষা, ব্যৱসায় ইত্যাদিৰ দিশত অসমীয়া ভাষাৰ লগতে অন্যান্য সংযোগী ভাষা গ্ৰহণ কৰিলেও এইসকল শ্যাম লোকে ঘৰুৱাভাৱে আজিও টাইমূলীয় নিজা মাতৃভাষাকেই প্ৰয়োগ কৰে । গাঁওখনৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান হৈছে তেওঁলোকৰ বৌদ্ধ বিহাৰ । ১ নং ৰজাপুখুৰী বৌদ্ধ বিহাৰ, য'ত উপাসনা কৰে গাঁওবাসীয়ে । ধৰ্মীয় শিক্ষাও গ্ৰহণ কৰা হয় এই বিহাৰটোত ।

বিগত কেইদিনমান ধৰি এই ১ নং ৰজাপুখুৰী শ্যাম গাঁও হৈ আছে উদুলি-মুদুলি ৷ ভীষণ ব্যস্ত গাঁওবাসী ৷ কাৰোবাৰ ঘৰৰ জুশালত যদি নিশা এপৰলৈকে পিঠা ভজাৰ ব্যস্ততা চলিছে, কোনোৱে আকৌ লাগি পৰিছে চাফ-চিকুণৰ কামত ৷ মুঠতে কাৰোৱেই তৰণি নাই ৷ কাৰণ মুখ্যমন্ত্ৰী আহিব কোনেও নজনা নুশুনা এই গাঁওখনলৈ ৷

১৪ ফেব্ৰুৱাৰীত ১ নং ৰজাপুখুৰী শ্যাম গাঁৱৰ আতিথি হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । কেৱল অতিথিয়েইনে ! নিশাটোও কটাব তেওঁ এই গাঁৱতেই ৷ যাৰ বাবে উৎফুল্লিত এতিয়া গাঁওবাসী ৷ দিনে-নিশাই গাঁওবাসী ব্যস্ত ৰাস্তা-পদুলি চাফ-চিকুণ কৰাত । গাত তৎ নাই জীয়াৰী-বোৱাৰীসকলৰো ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীক আপ্যায়ন কৰিবলৈ গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে প্ৰস্তুত কৰিছে জনজাতীয় তথা পৰম্পৰাগত খাদ্য । টোপোলা ভাত, চুঙাত দিয়া ভাত অৰ্থাৎখাওলাম, ভাপত দিয়া মাছ, খৰিচা দিয়া মাছৰ ব্যঞ্জন, কচুথুৰি, পিঠা সম্ভাৰত- টন্তে পিঠা, হেঁচা পিঠা, আখৈ অৰ্থাৎ খাওটেক ইত্যাদি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে যোগাৰ কৰা হৈছে ৷

লগতে পঢ়ক :বছৰৰ আৰম্ভণিতে ঐতিহাসিক হাবুঙলৈ দৰ্শনাৰ্থীৰ আগমন

Last Updated : Feb 12, 2024, 10:53 PM IST

ABOUT THE AUTHOR

...view details