অসম

assam

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:28 AM IST

ETV Bharat / state

ধাবাত 3 জাঁইকৈ গুলী ফুটাই আতংকৰ সৃষ্টি; আৰক্ষীৰ জিম্মাত দুৰ্বৃত্ত

Aiseng Dhaba Shooting : 3 জাঁইকৈ গুলী ফুটাই আতংকৰ সৃষ্টি 5 জনীয়া দুৰ্বৃত্তৰ দলৰ ৷ সৰুপথাৰৰ ইকৰাণিত অৱস্থিত আইছেং ধাবাত গুলী ফুটাই আতংকৰ সৃষ্টি কৰা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত ধনশিৰি মহকুমা আৰক্ষীৰ । আটকাধীন কেইজন গজেন বৰা, দশৰথ সিং, শচীন শৰ্মা, উত্তম দাস আৰু অভিমন্যু দাস ।

Aiseng Dhaba in Sarupathar
ইকৰাণিত নিশা গুলীচালনাৰ ঘটনা

ইকৰাণিত নিশা গুলীচালনাৰ ঘটনা

সৰুপথাৰ, 3 মাৰ্চ: সৰুপথাৰৰ ইকৰাণী চাৰিআলিৰ আইছেং ধাবাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে নিশা প্ৰায় 10.30 বজাত পাঁচজনীয়া দুৰ্বৃত্তৰ দলে আই ছেং ধাবাত উপস্থিত হৈ মদ বিচাৰে ৷ ধাবাখনৰ স্বত্বাধিকাৰীয়ে ধাবাখনত মদ উপলব্ধ নহয় বুলি উল্লেখ কৰাৰ পাচতে পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে ধাবাৰ মালিক কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয় ।

ইয়াৰ পিচতে সুৰামত্ত যুৱকৰ দলটোৰ মাজৰ এজনে নিজৰ পিষ্টলেৰে শূন্যলৈ তিনি জাঁই গুলী ফুটাই ধাবাখনত আতংকৰ সৃষ্টি কৰে । সমান্তৰালভাৱে অঞ্চলটোত এক আতংকৰ সৃষ্টি হয় । গুলীৰ শব্দ শুনি উক্ত স্থানত বহু লোকৰ সমাগম ঘটে । ধাবাৰ মালিক-কৰ্মচাৰী সহ উপস্থিত ৰাইজে দলটোৰ দুজনক ধৰি আৰক্ষীক চমজাই দিয়ে ।

ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়া যুৱক দুজন ক্ৰমে বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰুলাংঠা গাঁৱৰ গজেন বৰা ওৰফে মনদ্বীপ (38) আৰু ৰাজস্থান জয়পুৰৰ নিবাসী দশৰথ সিং (32) বুলি জানিব পৰা গৈছে । দলটোৰ আন তিনিজন ব্যক্তিয়ে বিলাসী টয়টা হাই লাক্স গাড়ী আৰু ফৰছুনাৰ গাড়ী লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ঘটনাৰ সন্দৰ্ভত অৱগত হোৱাৰ পাচতে নিশাই ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হয় । নিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ আৰু সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা আৰক্ষীয়ে প্ৰথমে নিশা উৰিয়ামঘাটৰ পৰা RJ 45 CY 7178 নম্বৰৰ টয়টা হাইলাক্স গাড়ীসহ শচীন শৰ্মাক আটক কৰে ।

ঘটনাস্থলীৰ পৰা পলায়ন কৰা AS 06 AD 6566 নম্বৰৰ ফৰছুনাৰ গাড়ীখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত স্থানীয় আৰক্ষীৰ সহযোগত অভিমন্যু দাস আৰু উত্তম দাসক বোকাখাটৰ কঁহৰাৰ পৰা ধৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে । প্ৰাথমিক তথ্য অনুসৰি, অভিমন্যু দাস নামৰ প্ৰভাৱশালী যুৱকজনে ঘটনাস্থলীত গুলী ফুটাই আতংকৰ সৃষ্টি কৰিছিল আৰু পলায়ন কৰিছিল ।

লগতে পঢ়ক:দেৰগাঁৱত চিকিৎসকৰ ঘৰৰ পৰা চোৰে লুটিলে বহু লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

...view details