ডিব্ৰুগড়, 21 মাৰ্চ :ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিংসহ আন ৯জন খালিস্তানী নেতাই দিন পাৰ কৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত । পঞ্জাৱৰ ঘটনাৰ পাচতে অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল । লগতে অমৃতপাল সিঙৰ 9 সহযোগীকো লৈ অনা হৈছিল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ ।
কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে এইসকল খালিস্তানী নেতাক । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পঞ্জাৱ শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ ৭ জন সদস্য । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অমৃতপাল সিং, পাপলপ্ৰীত সিং, দলজিৎ সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকক সাক্ষাৎ কৰে এই দলটোৱে । অমৃত পাল সহ ৯ খালিস্তানীক পঞ্জাৱলৈ হস্তান্তৰ কৰাৰ দাবীত কাৰাগাৰৰ ভিতৰতে অনশন কৰি আছে কাৰাবন্দী কেইজনে । ইতিমধ্যে তিনিজন কাৰাবন্দীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ।