অসম

assam

ETV Bharat / state

গোৱালপাৰাত গৰমে প্ৰাণ ল'লে তিনিগৰাকীকৈ লোকৰ - HEAT STROKE IN ASSAM - HEAT STROKE IN ASSAM

Death Due To Heat Stroke : উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য । গোৱালপাৰাত উৎকট গৰমত মৃত্যু তিনিগৰাকীকৈ লোকৰ । মৃত তিনিগৰাকী ক্ৰমে খেকাপাৰাৰ নকুল দাস, টিপলাইৰ তৰুলতা নাথ আৰু পদুপাৰা গাঁৱৰ আব্দুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

Several death due to heat stroke in various place of Goalpara
গোৱালপাৰাত গৰমে প্ৰাণ ল'লে তিনিগৰাকীকৈ লোকৰ (Google)

By ETV Bharat Assamese Team

Published : May 25, 2024, 12:32 PM IST

গোৱালপাৰা, ২৫ মে':সমগ্ৰ ৰাজ্যতে পাৰাস্তম্ভ উৰ্দ্ধমুখী হোৱাৰ ফলত বিপন্ন হৈ পৰিছে স্বাভাৱিক জনজীৱন । উৎকট গৰমৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত । বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ লগতে উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ দুঃচিন্তা বৃদ্ধি পাইছে । লগতে খেতিয়কসকলো চিন্তিত হৈ পৰিছে ।

ইয়াৰ মাজতে উৎকট গৰমৰ বাবে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ শুকুৰবাৰে গোৱালপাৰা জিলাৰ তিনিটাকৈ স্থানত তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাই । জানিব পৰা মতে, গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত খেকাপাৰা আৰু পদুপাৰা গাঁৱৰ দুজনকৈ লোকৰ মৃত্যু হয় । ইয়াৰে খেকাপাৰা গাঁৱৰ নকুল দাস নামৰ প্ৰায় ৭০ বছৰীয়া বৃদ্ধজনে শুকুৰবাৰে দুপৰীয়া ভাগত ঘৰৰ ওচৰতে থকা খেতি-পথাৰত কাম কৰি থাকোঁতেই হঠাৎ অচেতন হৈ ঢলি পৰে । ওচৰতে কাম কৰি থকা লোকে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ পথাৰৰ পৰা আনি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে মৃত্যু হয় বৃদ্ধ লোকজনৰ ।

গোৱালপাৰাত গৰমে প্ৰাণ ল'লে তিনিগৰাকীকৈ লোকৰ (ETV Bharat Assam)

আনহাতে ধূপধৰা পদুপাৰ গাঁৱৰ আব্দুৰ ৰহমান নামৰ লোকজনে বিয়লি ভাগত বজাৰ কৰাৰ উদ্দেশ্যেৰে চাইকেলেৰে ওচৰৰে বজাৰলৈ গৈ থাকোঁতেই চাইকেলৰ পৰা ঢলি পৰে । লগে লগে পথচাৰীয়ে চাইলেল আৰোহীজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ।

ইফালে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাই ডাক্তৰপাৰাৰ খগেন নাথৰ পত্নী তৰুলতা নাথ নামৰ মহিলাগৰাকীয়ে উৎকট গৰম সহ্য কৰিব নোৱাৰি শুকুৰবাৰে সন্ধিয়া ভাগত নিজ ঘৰৰ চোতালতে ঢলি পৰি কৰুণ মৃত্যুক সাবটি লয় । উৎকট গৰমত তিনিওগৰাকীকৈ লোকৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । আনহাতে তিনিগৰাকীকৈ লোকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে বয়জেষ্ঠ লোকসকল ।

লগতে পঢ়ক:উৰ্ধমুখী পাৰাস্তম্ভ : ৰ’দ নহয় যেন জুইহে বৰষিছে ! - HEAT WAVE GRIPS Assam

উৎকট গৰমে ২৪ ঘণ্টাত প্ৰাণ কাঢ়িলে ৫ গৰাকীৰ : ৰাজস্থানত ভয়াবহ পৰিস্থিতি - Death Due To Heat Stroke

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিছে নেকি ? শীতল বতাহ ল'বলৈ আহিব পাৰে শিলঘাটলৈ - Heat Wave In Assam

ABOUT THE AUTHOR

...view details