গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: ছিপাঝাৰৰ কংগ্ৰেছ নেতা কুলদীপ বৰুৱাৰ বিজেপিত যোগদানে বিপদত পেলাব নেকি বিধায়ক পৰমান্দ ৰাজবংশীক ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা যোৱা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ছিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে থিয় দিয়া কুলদীপ বৰুৱাই সোমবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । মাত্ৰ তিনি হাজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী ড৹ পৰমানন্দ ৰাজবংশী হাতত পৰাজিত হোৱা কুলদীপ বৰুৱাই বিজেপি দলত যোগদান কৰাৰ পিছতে সৃষ্টি হৈছে বিভিন্ন চৰ্চাৰ ।
কিয়নো দৰং জিলাৰ ভিতৰতে ছিপাঝাৰ সমষ্টিৰ এজন শক্তিশালী কংগ্ৰেছ নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছতে আগন্তুক ছিপাঝাৰ সমষ্টিৰ উত্তৰাধিকাৰী সম্পৰ্কত সৃষ্টি হ’ব পাৰে সংঘাত । সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰি তেওঁ কয় যে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ আজি বিজেপিলৈ আহিছে । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ চৌদিশে এতিয়া কেৱল উন্নয়ন হৈছে বুলি কয় বৰুৱাই ।
‘‘মই যিহেতু সদায় ৰাইজৰ লগত থাকো, গতিকে ছিপাঝাৰ সমষ্টিৰ ৰাইজে মই বিজেপিত অহাটো বিচাৰিছে । কংগ্ৰেছত চিপৰাং মৰা ৰাজনীতি আছে । মোকো বহু নেতাই ২০২১ ৰ নিৰ্বাচনৰ সময়ত চিপৰাং মাৰিছিল ।’’ এইদৰে কয় নেতাগৰাকীয়ে ৷