গুৱাহাটী:ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ এক ভূমি সক্ৰান্তীয় অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই গুৱাহাটীৰ চি জি এম ক'ৰ্টত সোমবাৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আৰু ছয়জনৰ বিৰুদ্ধে তৰা মানহানি গোচৰক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।
মুখ্যমন্ত্ৰীৰ পত্নীয়ে ভাৰতীয় ন্যায় সংহিতা ৩৫৬, ৩(৫), ৩(৬)ৰ অধীনত এই মানহানি গোচৰ তৰিছে । ইতিমধ্যে আদালতত এই গোচৰটো পঞ্জীয়ন হৈছে । অহা ১০ ফেব্ৰুৱাৰীত এই গোচৰটোৰ শুনানীৰ দিন ধাৰ্য কৰা হৈছে । দিল্লীত বৃহস্পতিবাৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই সংবাদমেল সম্বোধন কৰি এই মানহানি গোচৰক প্ৰত্যাহ্বান জনায় ।
সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "বহু লোকে মোক অৱগত কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই মোৰ লগতে আন ৬ জনৰ ওপৰত মানহানিৰ গোচৰ তৰিছে । যদিও ন্যায়ালয়ৰ পৰা কোনো জাননী এতিয়ালৈকে পোৱা নাই, কিন্তু জানিব পাৰিছোঁ যে গোচৰৰ বিষয়টো হৈছে যোৱা ২৩ জানুৱাৰীত গুৱাহাটীত দিয়া সংবাদমেলখন সন্দৰ্ভত । ইয়াৰ বিষয় আছিল কলিয়াবৰ তিনিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ বিকল্প পথেৰে গৈ জখলাবন্ধাক এলাগী কৰি ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা প্ৰস্তাৱক লৈ ।"
তেওঁ লগতে কয়, "মোৰ হাতত কোনো গোচৰৰ জাননী আহি পৰা নাই, যিহেতু এই বিষয়সমূহ সংবাদ মাধ্যম আৰু ৰাইজৰ মাজত চৰ্চিত হৈছে । আইনগতভাৱে এই বিষয় গ্ৰহণযোগ্য নহয় কিয়নো অভিযোগসমূহ সত্যৰ ভিত্তিত । বিকল্প পথ ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা প্ৰস্তাৱ উত্থাপন কৰিছে PWD বিভাগে । যাৰ মন্ত্ৰী হৈছে তেওঁৰ স্বামী হিমন্ত বিশ্ব শৰ্মা । এই বিষয়সমূহ ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে ।"
হাজৰিকাই লগতে কয়, "এনে পৰিস্থিতিত মানহানি গোচৰ ভিত্তিহীন । ইয়াৰ উপৰিও যি ব্যক্তিৰ এটা ৰাজহুৱা পৰিচয় থাকে, তেওঁলোকৰ দ্বাৰা মানহানি গোচৰ দিয়াতো গ্ৰহণযোগ্য নহয় । বিশেষকৈ যদি তেনে গোচৰ ৰাজহুৱা স্বাৰ্থৰ লগত জৰিত হয় । যদি কুঁৱৰীতল, হাটবৰ আৰু জখলাবন্ধা এলাগী কৰি সেই অঞ্চলৰ ৰাইজক দুৰ্যোগৰ ফালে ঠেলি দি বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হয়, সেই বিষয়টো ৰাজহুৱা স্বাৰ্থ জড়িত নহ'ব কিয় ?"