তেজপুৰ, 19 ফেব্ৰুৱাৰী: ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও অনুপ্ৰৱেশৰ বিষয়টো আজিও এক জীয়া সমস্যা হৈয়েই আছে ৷ সঘনাই অভিযোগ উত্থাপন হয় বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ অনুপ্ৰৱেশৰ ৷ লগতে ভাৰতৰ পৰাও চোৰাংভাৱে বাংলাদেশলৈ গৰু সৰবৰাহৰ অভিযোগো দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে ৷
দেশৰ সুৰক্ষাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত হৈ আছে সীমান্ত সুৰক্ষা বাহিনী বা বি এছ এফ ৷ যি প্ৰতি নিয়ত লক্ষ্য ৰাখি আহিছে সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব খোজা অনুপ্ৰৱেশকাৰীৰ ওপৰত ৷ কিন্তু শেহতীয়াকৈ ভাৰত বাংলাদেশ সীমান্তৰ এটা ভিডিঅ’ই চিন্তিত কৰি তুলিছে সকলোকে ৷ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ সুৰক্ষাৰ প্ৰতি ৷
অসমৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এই ভিডিঅ’ই আচৰিত কৰি তুলিব সকলোকে ৷ বিএছএফ জোৱানৰ অনুপস্থিতিত সাধাৰণ লোকে খুলিছে সীমান্তৰ দুৱাৰ ৷ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে ট্ৰেক্টৰ ৷ এয়া এদিন-দুদিনৰ কথা নহয় ৷ ভিডিঅ’টো চালেই অনুমান কৰিব পাৰি যে এইদৰেই অবাধে যাতায়াত চলি থাকে এই সীমান্ত অঞ্চলত ৷ গেটখনত নাই বিএছএফৰ কোনো ৰখীয়া ৷