লখিমপুৰ, ৮ মে’ :দেশত এতিয়া নিৰ্বাচনী জ্বৰ । 7 মে’ তঅসমত অন্ত পৰিল তিনিটা পৰ্যায়ৰ ভোটগ্রহণ । অসমত 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে’ ত মুঠ তিনিটা পৰ্যায়ত 14 টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয় ৷ এক অভিলেখসংখ্যক হাৰত ভোটদান হয় অসমত । তৃতীয় পৰ্যায়ত অসমত 81.71% ভোটদান হয় । এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হিচাপে পৰিগণিত হৈছে ।
ভোটগ্রহণ সমাপ্ত হোৱাৰ লগে লগে ই ভি এমসমূহ জিলাই জিলাই কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে । এতিয়া ষ্ট্ৰংৰূম সমূহত বন্ধ হৈ আছে ৰাজ্যৰ ভৱিষ্যত ৷ কঠোৰ সুৰক্ষা বেষ্টনীত ৰখা হৈছে ষ্ট্ৰংৰূম সমূহ ।
পিচে এই ষ্ট্ৰংৰূমসমূহত সুৰক্ষিত নে ই ভি এমসমূহ ? সুৰক্ষা ব্যৱস্থাক লৈ সন্তুষ্ট নে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । তাৰোপৰি বিভিন্ন দলৰ প্ৰতিনিধিও নিয়োগ কৰা হৈছে ষ্ট্ৰং ৰূমত । তেওঁলোকেও অহৰ্নিশে ষ্ট্ৰং ৰূমত চকু ৰাখিছে ।