অসম

assam

ETV Bharat / state

১২ হাজাৰ কোটি ব্যয়ৰে বগীবিলত নিৰ্মাণ হ'ব দ্বিতীয়খন দলং

ৰাজ্যবাসীৰ বাবে ভাল খবৰ । বগীবিলত নিৰ্মাণ হ'ব দ্বিতীয়খন দলং । ১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া দলঙে সংযোগ কৰিব ডিব্ৰুগড়-ধেমাজি ।

Second bridge will be constructed at Bogibeel at a cost of Rs 12,000 crore
১২ হাজাৰ কোটি ব্যয়ৰে বগীবিলত নিৰ্মাণ হ'ব দ্বিতীয়খন দলং (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 8:53 PM IST

ডিব্ৰুগড়:উজনি অসমৰ ডিব্ৰুগড়ত অৱস্থিত বগীবিল এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । এই বগীবিলত নিৰ্মাণ হোৱা বগীবিল দলঙে ইতিমধ্যে সংযোগ কৰিছে ধেমাজি আৰু ডিব্ৰুগড় জিলাক । এই বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পাছতে ধেমাজি-লখিমপুৰ জিলাৰ বাবে যোগাযোগত আমূল পৰিৱৰ্তন ঘটিল । কিয়নো অতীজৰ পৰাই ফেৰীৰ সহায়ত বগীবিল পাৰ হৈ ধেমাজি-লখিমপুৰ জিলাৰ ৰাইজে ডিব্ৰুগড় জিলাৰ সৈতে যোগাযোগ স্থাপন কৰিছিল । যিটো আছিল ৰাইজৰ বাবে ডাঙৰ সমস্যা ।

ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটাবলৈ ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল । ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা চতুৰ্থখন দলং বগীবিলৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল । ইয়াৰ পাছতে ৰে'ল আৰু পথ যোগাযোগৰ ব্যৱস্থা থকা বগীবিল দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল ২০১৮ চনত ।

১২ হাজাৰ কোটি ব্যয়ৰে বগীবিলত নিৰ্মাণ হ'ব দ্বিতীয়খন দলং (ETV Bharat Assam)

২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে বগীবিল দলং শুভাৰম্ভ কৰাৰ পাছতেই উজনিৰ ৰাইজৰ এক দীঘলীয়া এক কষ্টকৰ সংগ্ৰামৰ অন্ত পৰিছিল । ইয়াৰ পাছতেই যোগাযোগ ব্যৱস্থা অতি দ্ৰুত কৰিবলৈ ডিব্ৰুগড়ৰ বগীবিলত পুনৰ আন এখন দলং নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । ১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ'ব ডিব্ৰুগড়-ধেমাজি সংযোগ কৰা বগীবিলৰ দ্বিতীয়খন দলং । ডিব্ৰুগড়ত এই কথা আনুষ্ঠানিকভাৱে জনাই বিধায়ক প্ৰশান্ত ফুকনে ।

বগীবিলৰ দ্বিতীয়খন দলং নিৰ্মাণ প্ৰসংগত বিধায়ক প্ৰশান্ত ফুকন:

এই সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনে কয়,"ডিব্ৰুগড়ৰ চ্যুকাফা ভৱনৰ পৰা বগীবিল দলঙৰ পথছোৱা চাৰিলেনযুক্ত কৰি নিৰ্মাণ কৰা হ'ব । বৰ্তমানৰ পথছোৱাৰ পৰা দুয়োফালে পথ বহলাই চাৰিলেনযুক্ত কৰা হ'ব । ফলত ডিব্ৰুগড়ৰ বগীবিলত বগীবিল দলঙৰ সমান্তৰালকৈ ডিব্ৰুগড়-ধেমাজি সংযোগী আন এখন দলং নিৰ্মাণ হ'ব ।"

তেওঁ লগতে কয়,"১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া দলঙৰ কাম প্ৰায় আৰম্ভ হোৱাৰ পথত । পূৰ্বৰ বগীবিল দলঙৰ সমান দৈৰ্ঘৰ নিৰ্মাণ হ'ব যদিও নতুন দলঙত নাথাকে ৰে'লপথ । কেৱল পথ যোগাযোগৰ বাবে নিৰ্মাণ হ'ব । দলংখনৰ নিৰ্মাণ পূৰ্বৰখনৰ তুলনাত ধন কম খৰচ হ'ব ।"

লগতে পঢ়ক:নৱজাতক বিক্ৰীৰ ঘটনাত জড়িত এ এম চি এইচৰ কৰ্মচাৰী: আৰক্ষীৰ তদন্তত ওলাইছে বিস্ফোৰক তথ্য

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিবেশনৰ তাৰিখ ঘোযণা

ABOUT THE AUTHOR

...view details