গুৱাহাটী, ৩০ জানুৱাৰী :হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাথো কেইদিনমান বাকী । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ সাল-সলনি কৰিছে ছেবাই । প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে ।
গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত থাকিব OMR শ্বীট । OMR শ্বীটত সন্নিৱিষ্ট থাকিব ৫০ শতাংশ প্ৰশ্ন । OMR শ্বীটত ১ নম্বৰৰ ৪৫ টা প্ৰশ্ন থাকিব । পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ । অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৪৫ নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত ।
বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব ১০ নম্বৰ । OMR শ্বীটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম । পৰীক্ষা সম্পৰ্কে ছেবাৰ সচিব এন এন নাথে কয়, ‘‘ এইবাৰ মেট্ৰিক পৰীক্ষাত গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে । যোৱা বছৰৰ পৰা গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত ৫০ শতাংশ প্ৰশ্ন বস্তুনিষ্ঠ (অৱজেক্টিভ) কৰা হৈছিল । এইবাৰ অৱজেক্টিভ প্ৰশ্নৰ উত্তৰ বহীৰ পৰিৱৰ্তে OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে ।’’