নগাঁও:ৰূপহীহাটৰ গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ ঘোষণা । হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ নিৰ্দেশ দিছে বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে । দেওবাৰে গড়াজানৰ ঘটনাস্থলীত উপস্থিত হৈ এই নিৰ্দেশ দিয়ে বিষয়াগৰাকীয়ে । হৰমিত সিঙে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্তৰ বুজ লোৱাৰ লগতে ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰে ।
গড়াজানৰ নৃশংস হত্যাকাণ্ড
উল্লেখ্য যে ৰূপহীহাটৰ গড়াজানত শুকুৰবাৰে সন্ধিয়া ঘৰৰ ভিতৰতেই চাৰিজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল । গড়াজানৰ ঘুনুধৰ সৰকাৰৰ বাসগৃহত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে পৰিয়ালটোৰ ৩ জন সদস্যৰ লগতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । ঘটনাৰ ৩ দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে ঘটনাৰ দোষীৰ সন্ধান উলিয়াব পৰা নাই । ইতিমধ্যে অসম আৰক্ষী আৰু চিআইডিৰ দলে তদন্ত আৰম্ভ কৰিছে ।