অসম

assam

ETV Bharat / state

পুখুৰী আছে পানী নাই... - amrit sarovar scheme - AMRIT SAROVAR SCHEME

Amrit Sarovar scheme scam : প্ৰসহনত পৰিণত অমৃত সৰোবৰ আঁচনি ৷ পুখুৰী খান্দিলে ঠিকেই পিচে পানীহে নাই ৷ পঢ়ক সবিশেষ...

AMRIT SAROVAR SCHEME
পুখুৰী আছে পানী নাই... (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 8:56 AM IST

যোৰহাট, 17 জুন : দেশবাসীক জল সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পানী সংৰক্ষণ কৰা উদ্দেশ্য 2022 বৰ্ষ 24 এপিলত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল অমৃত সৰোৱৰ নামেৰে এক অভিলাসী আঁচনি । আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অমৃত সৰোৱৰ আঁচনিৰ কাৰ্যকৰীকৰণ হৈছিল ৷

পুখুৰী আছে পানী নাই... (ETV BHARAT ASSAM)

সমগ্ৰ দেশৰ লগতে অসমতো এই আঁচনিৰ অধীনত বহুতো পদক্ষেপ হাতত লোৱা হৈছিল ৷ এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ গ্ৰাম্যঞ্চলত প্ৰায় 25 ৰ পৰা 20 লাখ টকা ব্যয়ৰে 76 টাকৈ বৃহৎ বৃহৎ আকাৰৰ অমৃত সৰোৱৰ পুখুৰী খন্দোৱা হৈছিল ৷ এই পুখুৰী খন্দোৱাৰ উদ্দেশ্যই হৈছে জল সংৰক্ষণ ৷

কিন্তু এই অভিলাসী অমৃত সৰোৱৰ আঁচনি বৰ্তমান ধোঁৱাছাঙত পৰিণত হৈছে মৰিয়নীত । মৰিয়নী চেলেং পূব যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কঠালগুৰি গাঁও পঞ্চায়তৰ অধীনত খন্দোৱা অমৃত সৰোৱৰ পুখুৰী নামত সংঘটিত হৈছে নাভূত-নাশ্ৰুত কাণ্ড ।

কঠালগুৰি গাঁও পঞ্চায়তৰ অধীনত খন্দোৱা পুখুৰীসমূহ দীঘল আৰু বহল মাজত আৰু গভীৰতা ক্ষেত্ৰত যিসমূহ নীৰ্তি-নিৰ্দেশনা মানি চলিব লাগে, সেয়া অৱমাণনা কৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে । ফলত আঁচনিখনত থকা সকলো নীৰ্তি-নিৰ্দেশনা অৱজ্ঞা আৰু ঠিকাদাৰ, বিষয়া-কৰ্মচাৰীৰ ময়মতালিৰ বাবে অমৃত সৰোৱৰৰ পুখুৰীত পৰ্যাপ্ত বৰষুণৰ পাচতো পানী নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ফলত এই অবাধ দুনীতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰা লগতে উচিত তদন্ত কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে । আনকি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত নিৰৱ ভূমিকা পালন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক :টিংখাঙত দেৰ বছৰেও অসম্পূৰ্ণ অমৃত সৰোবৰ

ABOUT THE AUTHOR

...view details