অসম

assam

ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি বিমল বড়া, প্ৰশান্ত ফুকনৰ - SC VERDICT ON CITIZENSHIP

SC verdict: অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক অন্তৰেৰে আদৰণি দুই বিজেপি নেতা বিমল বড়া আৰু প্ৰশান্ত ফুকনৰ ৷

SC verdict on citizenship
অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 18, 2024, 9:27 AM IST

ডিব্ৰুগড়, 18 অক্টোবৰ:অসমীয়াৰ চেনেহৰ কাতি বিহুৰ দিনটোত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে । এতিয়াৰে পৰা ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে এই ৰায়দান কৰে ৷ চাৰিজন বিচাৰপতিয়ে ১৯৭১ চনৰ সপক্ষে আৰু এজনে ১৯৫১ চনৰ সপক্ষে সন্মতি প্ৰদান কৰাৰ লগে লগে ৪:১ অনুপাতত ১৯৭১ চনকেই নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে নিৰ্ধাৰণ কৰা হয় ৷

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক ঐতিহাসিক ৰায়দান হিচাপে বিবেচিত কৰিছে অসমৰ ৰাইজে । কিয়নো দীৰ্ঘদিনৰ পৰা এই বিষয়ত প্ৰতিবাদ, আন্দোলন কৰি আহিছিল অসমৰ দল-সংগঠনে ৷ এই ৰায়ক বিভিন্ন জনে আদৰণি জনাইছে । উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ক আদৰণি জনাইছে অসম চৰকাৰ কেবিনেট মন্ত্ৰী বিমল বড়া আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । ডিব্ৰুগড়ৰ টিংখাঙত কেবিনেট মন্ত্ৰী আৰু বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায় ।

অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ (ETV Bharat)

অসমৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক আখ্যা কেবিনেট মন্ত্ৰী বিমল বৰাৰ-
‘‘এই ৰায়দানে অসমৰ ৰাইজক মান্যতা প্ৰদান কৰিলে । খিলঞ্জীয়া ৰাইজৰ ৰীতি-নীতি বিপন্ন হোৱাত ছবছৰ ধৰি আনন্দোলন কৰিব লগা হৈছিল ৷ তেনেস্থলত এই ৰায়দানে অসমত সুদূৰ-প্ৰসাৰী প্ৰভাৱ পেলাব ।’’ এই মন্তব্য মন্ত্ৰী বিমল বড়াৰ ৷

কি ক'লে বিধায়ক প্ৰশান্ত ফুকনে ?

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ফুকনে কয়, ‘‘ন্যায়ালয়ে যি ৰায় দিছে, সেই ৰায় আমি আনন্দ মনেৰে মানি লৈছোঁ । এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি আজি উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে ।’’

লগতে পঢ়ক:বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত: অতুল বৰা

অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান

ABOUT THE AUTHOR

...view details