নগাঁও : মছজিদ অথবা মন্দিৰৰ ভূমি বিবাদক লৈ আদালতে কোনো গোচৰ নোলোৱাৰ এক ৰায় দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰাৰ পাছতেই দেশজুৰি চৰ্চা আৰম্ভ হৈছে । এই ৰায়ক আদৰণি জনাইছে নগাঁৱৰ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । দেশত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ উগ্ৰ সাম্প্ৰদায়িক চক্ৰ এটাই বিগত কিছু বছৰৰ পৰা মছজিদক বিতৰ্কৰ আওতালৈ আনি নতুন নতুন ইচ্ছ্যু সৃষ্টিৰে ৰাজনৈতিক মুনাফা আদায় কৰি অহাৰ এক বিস্ফোৰক অভিযোগো উত্থাপন কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ।
বিতৰ্কিত ভূমিত নিৰ্মিত মছজিদৰ নামাজ বৈধ নহয়
মছজিদ নিৰ্মাণৰ ক্ষেত্ৰত ইছলামিক নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে বিধায়ক আলহাজ আমিনুল ইছলামে কৰিছে কেইবাটাও মন্তব্য । ভিডিঅ'টোত বিধায়ক আমিনুল ইছলামে উল্লেখ কৰিছে, "যিকোনো বিতৰ্কিত ভূমিতেই নিৰ্মাণ কৰিব নালাগে মছজিদ । যিকোনো বিতৰ্কিত ভূমিয়েই হওক অথবা কোনো ব্যক্তিগত ভূমিত বলপূৰ্বকভাৱে মছজিদ নিৰ্মাণ কৰিলে সেই মছজিদত বৈধ নহ'ব নামাজ ।"