নগাঁও, ২৪ মাৰ্চ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ ব্যাপক আয়োজন চলি থকাৰ মাজতে হঠাৎ আহিল এক বেয়া খবৰ । শনিবাৰে নিশা ইহলীলা সম্বৰণ কৰে বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা থান পৰিচালনা সমিতিৰ উপ-সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে ৷
৭২ বছৰ বয়সত ইহ সংসাৰৰ পৰা বিদায় মাগে সত্ৰাধিকাৰগৰাকীয়ে ৷ শনিবাৰে বিয়লি বটদ্ৰৱা থানৰ দৌল উৎসৱৰ কামত লাগি থকা অৱস্থাতেই হঠাৎ অসুস্থ হৈ পৰে সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী । হঠাৎ বুকুৰ বিষ অনুভৱ কৰাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় সত্ৰাধিকাৰ দেৱ গোস্বামীক ।
কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি চিকিৎসালয়তে নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মৃত্যুৰ আগমুহূৰ্তলৈকে কাম কৰিছিল সত্ৰাধিকাৰ দেৱনন্দ দেৱ গোস্বামীয়ে ।