ঢকুৱাখনা,২০ এপ্ৰিল :আজি বীৰাংগনা সতী সাধনী দিৱস । এই পৱিত্ৰ দিনটোতে দেশপ্ৰেম আৰু আত্মবলিদানেৰে ইতিহাসৰ পৃষ্ঠাত চিৰযুগমীয়া হৈ ৰোৱা বীৰাংগনাগৰাকীক ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন কৰা হৈছে ।
পূৱ ঢকুৱাখনা আৰু হাৰ্হি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢকুৱাখনা জিলা চুতীয়া জাতি মহিলা সন্মিলন, ঢকুৱাখনা জিলা চুতীয়া যুৱ সম্মিলন আৰু ঢকুৱাখনা মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত পূৱ ঢকুৱাখনাৰ মদাৰগুৰি ৰাজহুৱা ৰঙ্গমঞ্চত আয়োজন কৰা হয় ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস ।
কাৰ্যসূচী অনুসৰি পুৱাই চাফাই অভিযান, বৃক্ষৰোপণ, পতাকা উত্তোলনৰ পিচতে সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী চুতীয়াই । তাৰ পিচতে দেওকুবেৰ পূজা অনুষ্ঠিত হয় । মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধনৰ পিচতে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ।