ডিব্ৰুগড়,২১ ছেপ্টেম্বৰ:দেশত স্বচ্ছতাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰাৰ বাবে স্বচ্ছতামূলক বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে । ইতিমধ্যে স্বচ্ছ অভিযান আঁচনি ৰূপায়ণ কৰি সফল হ'বলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰ । স্বচ্ছ অভিযানৰ পাছত 'স্বচ্ছতাই সেৱা' নামেৰে আন এক কাৰ্যসূচীত ৰূপায়ণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে সমগ্ৰ দেশতে 'স্বচ্ছতাই সেৱা' শীৰ্ষক অভিযান সমগ্ৰ দেশতে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
আনকি দেশৰ সকলো শ্ৰেণীৰ লোকক এই 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শনিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হয় 'স্বচ্ছতাই সেৱা' । এই কাৰ্যসূচীৰ বাবে ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হয় বিশেষ সভা । এই সভাতে ৫০০ চাফাই কৰ্মীক স্বচ্ছতাৰ শপতগ্ৰহণ কৰালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পুৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ অসামৰিক চিকিৎসালয়ত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, লগতে চাফাই কৰ্মীসকল আৰু স্থানীয় লোকসকলৰ সৈতে 'স্বচ্ছতাৰ বাবে জন অংশীদাৰ' কাৰ্যসূচীত অংশগ্ৰহণ কৰে । নিজেই হাতত ঝাৰু লৈ পৰিবেশ পৰিষ্কাৰ কৰি চাফাই কৰ্মীসকলক উৎসাহিত কৰে ।