যোৰহাট: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । দেওবাৰৰে পৰা আজি পুৱালৈকে সৰস্বতী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । কালি একাংশই সৰস্বতী পূজাৰ আয়োজন কৰিলে যদিও আজিহে প্ৰায়সংখ্য়ক বিদ্য়ালয়-মহাবিদ্য়ালয়ত চলিছে বাগদেৱীৰ বন্দনা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাতো উলহ-মালহেৰে আৰম্ভ হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা ।
উল্লেখ্য় যে এইবাৰ বাগদেৱীৰ তিথি দুদিনীয়াকৈ মিলিছে । মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয় । সেয়ে আজিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ শিক্ষানুষ্ঠানসমূহ সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে । পুৰোহিতৰ বেদ-মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ আদিৰ লগতে হোমাগ্নি, ধূপ-চাকিৰ সুবাসেৰে সুশোভিত হৈ পৰিছে যোৰহাটৰ পূজাস্থলীৰ পৰিৱেশ ।