যোৰহাট: শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ আকৌ চৰ্চা, কি হৈছে শংকৰদেৱ সংঘৰ মজিয়াত ! এইবাৰ আৰম্ভ হৈছে আন এক বিতৰ্ক ৷ যোৰহাট ৰংদৈৰ ৰাণু বৰুৱাৰ পুত্ৰ গৌতম বৰুৱা কৰ্মসূত্ৰে যোৰহাটৰ কেন্দুগুৰিৰ বাসিন্দা । প্ৰায় সাত মাহৰ পূৰ্বে গৌতম বৰুৱাৰ একমাত্ৰ কন্যা পুষ্পিতা হোৱাৰ পিছত শংকৰদেৱ সংঘৰ ৰীতি-নীতি নিয়ম অনুযায়ী ৰংদৈৰ পুৰণি গৃহত সকলো আই-বাপৰ উপস্থিতিত সকলো কাৰ্য সম্পাদন কৰা হয় । সেই কাৰ্য সম্পাদন কৰি কৰ্মসূত্ৰে থকা কেন্দুগুৰিৰ বাসগৃহলৈ ঘূৰি আহিছিল গৌতম বৰুৱাৰ সৰু পৰিয়ালটো ।
আমিষ খাদ্যৰ পাৰ্টি, শংকৰদেৱ সংঘৰ ৰোষত এটা পৰিয়াল:
শংকৰদেৱ সংঘৰ নীতি-নিয়মৰে পুষ্পিতা অনুষ্ঠান হৈ যোৱাৰ এমাহৰ পিছত ঘৰৰ বাহিৰত অৰ্থাৎ এটা বিবাহ ভৱনত সহকৰ্মী আৰু তেওঁলোকৰ আত্মীয়ক এই উপলক্ষে এক পাৰ্টী দিছিল গৌতম বৰুৱা আৰু তেওঁ পত্নীয়ে । স্বাভাৱিকতে আমিষ খাদ্য পৰিৱেশন কৰা হৈছিল এই পাৰ্টীত ৷ সংঘৰ নীতি-আৰ্দশত থকা গৌতম বৰুৱাৰ মাতৃ আৰু জ্যেষ্ঠ ভ্ৰাতৃসহ পৰিয়ালৰ কোনো লোক এই অনুষ্ঠানলৈ অহা নাছিল । তৎস্বত্বেও ৰাণু বৰুৱাৰ পৰিয়ালটোক ২০২৪ বৰ্ষৰ আগষ্ট মাহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ অন্তৰ্গত ২১৬নং ৰংদৈ নৱ প্ৰাথমিক শাখাৰ পৰা এক পত্ৰযোগে জনোৱা হ'ল যে তেওঁলোকৰ ঘৰত এবছৰ বাবে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ সহযোগিতা কৰা নহ'ব ।
ফলত সংঘৰ এনে সিদ্ধান্তত দিগবিদিক হেৰুৱাই পেলাই ১৯৯১ চনৰে পৰা সংঘত থকা ৰাণু বৰুৱাই । লাজ আৰু অপমানত সংঘৰ কোনো সংগীৰ ঘৰলৈ যাবলৈ নাপায় ৰাণু বৰুৱা নামৰ মহিলাগৰাকী ৰুগীয়া হৈ পৰাৰ লগতে আন সদস্যসকলো মানসিকভাৱে ভাগি পৰা বুলি অভিযোগ কৰে পৰিয়ালটোৱে ।