যোৰহাট :অধীৰ অপেক্ষাৰ অন্ত পেলাই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে যোৰহাট ম'হবন্ধা এৰালতলি পথাৰ । কিয়নো এই স্থানতে বৈষ্ণৱ পণ্ডিত সোণোৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । এই অধিৱেশনলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ।
আনহাতে, হেঁপাহৰ অনুষ্ঠানটোক লৈ সংঘৰ সংগীয়ে গ্ৰহণ কৰিছে বিভিন্ন পন্থা । তেনে এগৰাকী বাপ হৈছে লখিমপুৰৰ লালুকৰ উমাকান্ত সন্দিকৈ । গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি জাতীয় সাজ-পাৰ পৰিধান কৰি লখিমপুৰ লালুকৰ পৰা পদব্ৰজে ৩১০ কিলোমিটাৰ অতিক্ৰম কৰি অধিৱেশনস্থলীত উপস্থিত হৈছে উমাকান্ত সন্দিকৈ ।
৩১০ কিলোমিটাৰ পদব্ৰজে আহি শংকৰ সংঘৰ অধিৱেশনস্থলীত উপস্থিত এগৰাকী বাপ (ETV Bharat Assam) কিদৰে অসম্ভৱক সম্ভৱ কৰিলে উমাকান্ত সন্দিকৈয়ে
পদব্ৰজে যোৰহাটৰ ম'হবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত উপস্থিত হোৱা উমাকান্ত সন্দিকৈয়ে কয়, "আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সংগীৰ শক্তিটো এনেকুৱা যে তেওঁলোকে যিকোনো কাম কৰিব পাৰে, ইচ্ছা কৰিলে । ভাগৱত, কীৰ্তন শ্ৰৱণ কৰিলে এনেকুৱা ধৰণৰ অসম্ভৱ কামক সম্ভৱ কৰিব পাৰে । পদব্ৰজে যাত্ৰা কৰা মোৰ উদ্দেশ্যটোৱে হ'ল গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰ কৰা ।"
লগতে তেওঁ কয়, "২০২৪ বৰ্ষৰ ৰঙিয়া অধিৱেশনলৈও মই খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিলো । এই যাত্ৰাকালত মই ৩৫০ কিলোমিটাৰ দূৰত্বক সামৰি লৈছিলো আৰু এই বৰ্ষৰ ম'হবন্ধা এৰালতলি পথাৰলৈ মই ৩১০ কিলোমিটাৰ খোজকাঢ়ি আহিছো । এই যাত্ৰাকালত মোৰ সময় লাগিল ১৫ দিন ।"
উল্লেখ্য যে উমাকান্ত সন্দিকৈয়ে খোজকাঢ়ি অহাৰ সময়ত তেওঁ ৰাস্তাতে থকা-মেলা কৰাৰ লগতে যাৱতীয় সকলো সামগ্ৰী তেওঁ লগতে লৈ আহিছে । আনহাতে, যাত্ৰাপথত চাকি-বন্তি জ্বলাই প্ৰত্যেক দিনাই গুৰুজনাৰ সৃষ্টিৰাজি নাম-কীৰ্তন শ্ৰৱণ কৰিছিল উমাকান্ত সন্দিকৈয়ে ।