গুৱাহাটী,১২ অক্টোবৰ :দুৰ্গোৎসৱৰ পাছতে বিদ্যালয়সমূহত আৰম্ভ হ'ব সাপ্তাহিক মূল্যায়ন পৰীক্ষা । এই সন্দৰ্ভত সমগ্ৰ শিক্ষা অসমে জাৰি কৰিছে এক নিৰ্দেশনা । সমগ্ৰ শিক্ষা অসমে অহা ১৪ অক্টোবৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত সাপ্তাহিক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । একেদৰে অহা ২৫ নৱেম্বৰত বিদ্যালয়সমূহক মক টেষ্ট অনুষ্ঠিত কৰিবলৈও নিৰ্দেশনাত কোৱা হৈছে । নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি প্ৰতিটো শ্ৰেণীৰ ৫ গৰাকীকৈ শিক্ষাৰ্থীৰ মাজত এই সাপ্তাহিক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব ।
সাপ্তাহিক মূল্যায়ন পৰীক্ষাৰ সময়সূচী :
এইক্ষেত্ৰত প্ৰকাশ কৰা সময়সূচী অনুসৰি ১৪ অক্টোবৰত প্ৰথম, তৃতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ ওপৰত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হ'ব । একেদৰে ১৫ অক্টোবৰত দ্বিতীয়, চতুৰ্থ শ্ৰেণীৰ বাবে গণিত, ১৬ অক্টোবৰত পঞ্চম, সপ্তম শ্ৰেণীৰ বাবে ভাষা, ১৮ অক্টোবৰত অষ্টম, দশম শ্ৰেণীৰ বাবে ভাষা/মাতৃভাষা, ১৯ অক্টোবৰত প্ৰথম, তৃতীয়ৰ বাবে গণিত, ২১ অক্টোবৰত ষষ্ঠ, নৱম শ্ৰেণীৰ বাবে গণিত, ২২ অক্টোবৰত দ্বিতীয়, চতুৰ্থৰ বাবে ভাষা, ২৩ অক্টোবৰত পঞ্চম, সপ্তম শ্ৰেণীৰ বাবে গণিত, ২৪ অক্টোবৰত অষ্টম, দশমৰ বাবে গণিত ।
সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা (ETV Bharat Assam) ২৫ অক্টোবৰত প্রথম, তৃতীয়ৰ বাবে পৰিৱেশ বিজ্ঞান, ২৮ অক্টোবৰত ষষ্ঠ, নৱমৰ বাবে বিজ্ঞান, সমাজ বিজ্ঞান, ২৯ অক্টোবৰত দ্বিতীয়, চতুৰ্থৰ বাবে পৰিৱেশ বিজ্ঞান, ৩০ অক্টোবৰত পঞ্চম, সপ্তমৰ বাবে পৰিৱেশ বিজ্ঞান/সমাজ বিজ্ঞান, ১ নৱেম্বৰত অষ্টম, দশমৰ বাবে সমাজ বিজ্ঞান, ২ নৱেম্বৰত ষষ্ঠ, নৱমৰ বাবে সমাজ বিজ্ঞান, ভাষা আৰু ৪ নৱেম্বৰত ষষ্ঠ আৰু নৱম শ্ৰেণীৰ বাবে বিজ্ঞান বিষয়ৰ ওপৰত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হ'ব ।
সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা (ETV Bharat Assam) লগতে পঢ়ক :চৰকাৰ গঠন হ’লে কি কি দিব কংগ্ৰেছে: ক'লে ভূপেন বৰাই