অসম

assam

ETV Bharat / state

সমগ্ৰ শিক্ষাৰ নিৰ্দেশনা : ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ - Gunotsav Assam - GUNOTSAV ASSAM

Assam Gunotsav : ২০২৫ বৰ্ষৰ বাবে অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ সময়সূচী প্ৰকাশ কৰিছে সমগ্র শিক্ষা অসমে। তিনিটা পৰ্যায়ত সামৰি লোৱা হ'ব ৰাজ্যৰ সকলো জিলা। ৰাজ্যৰ ৩৫ খন জিলাৰ ৪৫,৬২৯ খন বিদ্যালয়ত অনুষ্ঠিত হ'ব ২০২৫ বৰ্ষৰ গুণোৎসৱ। ৪৩.২৩ লাখ শিক্ষাৰ্থীৰ গুণগত শৈক্ষিক মান পৰীক্ষা কৰা হ'ব এই গুণোৎসৱত।

ASSAM GUNOTSAV 2025
২০২৫ বৰ্ষৰ গুণোৎসৱৰ সময়সূচী প্ৰকাশ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 4:05 PM IST

গুৱাহাটী, 20 জুলাই : পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ 2025 বৰ্ষৰ বাবে অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ সময়সূচী প্ৰকাশ কৰিছে সমগ্ৰ শিক্ষা অসমে ৷ আগন্তুক বৰ্ষৰ 6 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱে তিনিটা পৰ্যায়ত ৰাজ্যৰ সকলো জিলাক সামৰি ল'ব ৷ প্ৰতিটো পৰ্যায়ত চাৰিদিনকৈ হ'বলগীয়া গুণোৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ স্ব-মূল্যায়ন হ'ব আৰু পৰৱৰ্তী দিনকেইটাত হ'ব বহিঃমূল্যায়ন ৷ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে ৰাজ্যৰ সকলো জিলাৰ মিছন সমন্বয়ক আৰু প্ৰগ্ৰেম কো-অৰ্ডিনেটৰসকললৈ সমগ্ৰ শিক্ষাই গুণোৎসৱৰ সময়সূচী প্ৰস্তুত কৰি নিৰ্দেশ জাৰি কৰিছে ৷

গুণোৎসৱৰ সময়সূচী প্ৰকাশ (ETV Bharat Assam)

প্ৰথম পৰ্যায়ত 6 জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱত সামৰি লোৱা 11 খন জিলা হৈছে ক্ৰমে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি ৷ 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'বলগীয়া 13 খন জিলা হৈছে ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়া ৷

লগতে পঢ়ক :চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ : অতি শোচনীয় গৃহত চলি আছে ৰাজ্যৰ ৭ শতাধিক বিদ্যালয় - Education Department of Assam

তৃতীয় পৰ্যায়ত 6 ফেব্ৰুৱাৰীৰ পৰা মুঠ 11 খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব ৷ এই জিলাসমূহ হৈছে ক্ৰমে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং ৷ বৰপেটা আৰু বাক্সা জিলাই ক্ৰমে বজালী আৰু তামুলপুৰৰ গুণোৎসৱ পৰিচালনা কৰিব ৷ উল্লেখ্য যে ৰাজ্যৰ 35 খন জিলাৰ মুঠ 45,629 খন বিদ্যালয়ত অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ গুণোৎসৱ ৷ 43.23 লাখ শিক্ষাৰ্থীৰ গুণগত শৈক্ষিক মান পৰীক্ষা কৰা হ'ব এই গুণোৎসৱত ৷ ইতিমধ্যে সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে নিৰ্দেশনা দিয়াৰ উপৰিও শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুণোৎসৱৰ বিষয়ে সদৰী কৰিছে ৷

এইবাৰো পূৰ্বৰ দৰে অ' এম আৰ পদ্ধতিত অনুষ্ঠিত হ'ব গুণোৎসৱ ৷ অৱশ্যে চৰকাৰীভাৱে শিক্ষাৰ্থীক প্ৰদান কৰা বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত এইবাৰ প্ৰথমবাৰৰ বাবে সংযোজিত হ'ব অতিৰিক্ত নম্বৰ ৷ এইবাৰো গুণোৎসৱৰ নম্বৰ প্ৰক্ৰিয়া পূৰ্বৰ দৰেই প্ৰায় একে থাকিব ৷ এইবাৰ ইউনিফৰ্মৰ গুণগত মানৰ ওপৰত অতিৰিক্ত নম্বৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ শিক্ষাৰ্থীক কি মানৰ ইউনিফর্ম যোগান ধৰা হৈছে তাক নিশ্চিত কৰিবলৈ এইবাৰ এই অতিৰিক্ত নম্বৰৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক :ৰাজ্যজুৰি অব্যাহত গুণোৎসৱ 2024 ৰ তৃতীয় পৰ্যায়ৰ আভ্যন্তৰীণ মূল্যায়ন

ABOUT THE AUTHOR

...view details