অসম

assam

ETV Bharat / state

উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত পৰম্পৰাগত খাহী খোৱা উৎসৱ - Mahadev hill of Bongaigaon

Tradition of Mahadev Hill : উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত নিশাৰ এক নান্দনিক দৃশ্য ৷ ঐতিহ্যমণ্ডিত মহাদেৱ পাহাৰত দেওবাৰে নিশা পালন কৰা হয় ঐতিহাসিক 'খাহী খোৱা পৰম্পৰা' । এখন পাহাৰৰ নামনিত জ্বলিছে শতাধিক চৌকা । এই চৌকাত খাহী ছাগলীৰ মাংস ৰন্ধাত ব্যস্ত গাঁওবাসী ৷

মহাদেৱ পাহাৰত পৰম্পৰাগত খাহী খোৱা উৎসৱ
মহাদেৱ পাহাৰত পৰম্পৰাগত খাহী খোৱা উৎসৱ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:20 PM IST

মহাদেৱ পাহাৰত পৰম্পৰাগত খাহী খোৱা উৎসৱ

বঙাইগাঁও, ৪ মাৰ্চ : উত্তৰ শালমাৰাৰ ঐতিহ্যমণ্ডিত মহাদেৱ পাহাৰত দেওবাৰে নিশা পালন কৰা হয় এক ঐতিহাসিক পৰম্পৰা । মহাদেৱ পাহাৰত দেওবাৰে নিশা পালন কৰা হয় 'খাহী খোৱা পৰম্পৰা' । এই দৃশ্য হৈছে বঙাইগাঁও জিলাৰ মহাদেৱ পাহাৰৰ ৷ নামনি অসমৰ ঐতিহ্যমণ্ডিত উত্তৰ শালমাৰা মহকুমাৰ মহাদেৱ পাহাৰত দেওবাৰে নিশা স্থানীয় গাঁওবাসীয়ে পালন কৰে এই ঐতিহাসিক 'খাহী খোৱা' পৰম্পৰা ৷

উল্লেখ্য যে বিজনী ৰাজ্যৰ ৰাণী অভয়েশ্বৰীৰ জন্মস্থান হৈছে এই উত্তৰ শালমাৰা । উত্তৰ শালমাৰাত ৰাণী অভয়েশ্বৰীৰ দিনৰে পৰাই এই পৰম্পৰা প্ৰচলিত হৈ আহিছে । ৰাণী অভয়েশ্বৰীৰ দিনৰ 'ন-খোৱা' পৰম্পৰায়ে পিচলৈ 'খাহী খোৱা উৎসৱ'ত পৰিণত হয় ৷ এটা ডাঙৰ শিলত ৰাইজে উৎসৰ্গা কৰা খাহী ছাগলীৰ মাংস কাটি টুকুৰা-টুকুৰ কৰি থোৱা হয় ।

তাৰ পৰা পাহাৰৰ নামনিত চৌকা জ্ৱলোৱা ভক্তসকলৰ প্ৰতিগৰাকীকে মাংস, মাংস ৰন্ধাৰ জোখেৰে তেল, নিমখ, হালধি, মচলা আদি যোগান ধৰে মন্দিৰ কৰ্তৃপক্ষই ৷ আনহাতে, ভক্তসকলে ঘৰৰ পৰা কেৱল চাউল, খৰি আৰু বাচন-বৰ্তনহে লৈ আহে ৷ তেওঁলোকে তাতেই মাংস-ভাত ৰান্ধি খাই-বৈ ঘৰলৈ যায় ৷ উল্লেখ্য যে এই 'খাহী খোৱা উৎসৱ'ক কেন্দ্ৰ কৰি দেওবাৰে নিশা লোকাৰণ্য হৈ পৰে মহাদেৱ পাহাৰৰ মহাদেৱ মন্দিৰ আৰু পাহাৰৰ নামনি অংশ ৷ মহাদেৱ প্ৰভুক উৎসৰ্গা কৰা খাহী ছাগলীৰ মাংসৰে ৰাইজে প্ৰতি বছৰে ফাগুন মাহত ভোজ খোৱা এই পৰম্পৰা পালন কৰে ৷

উল্লেখ্য যে অসমৰ বিভিন্ন জনজাতিৰ মাজত বিভিন্ন পৰম্পৰা পালন কৰা হয় । অতীজৰে পৰা এই পৰম্পৰা পালন কৰি অহা হৈছে । বিশেষকৈ ফাগুন মাহটো কেইবাটাও জনগোষ্ঠীৰ বাবে গুৰুত্বপূৰ্ণ মাহ । একেদৰে উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰতো এই পৰম্পৰা পালন কৰা হয় আৰু মহাদেৱ পাহাৰত অৱস্থিত শিৱ মন্দিৰত পূজা-অৰ্চনা আগবঢ়োৱা হয় ।

লগতে পঢ়ক :প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰমণী বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

ABOUT THE AUTHOR

...view details