তেজপুৰ, ২ আগষ্ট :শোনিতপুৰতেজপুৰৰ বিহুগুৰিত শুক্ৰবাৰে পৃথিৱীৰ অতি বিষাক্ত সাপৰূপে পৰিচিত ৰাছেল ভাইপাৰ উদ্ধাৰ হয় । 'সৰ্প বান্ধৱ' সৌৰভ বৰকটকীয়ে সাপটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে । ঘটনাৰ বিবৰণী অনুসৰি, আজি পুৱা শোণিতপুৰ জিলাৰ বিহগুৰিৰ সেনা শিবিৰৰ কাষত থকা এখন পথাৰত ধ্ৰুৱজ্যোতি বৰুৱা নামৰ লোকজনে প্ৰথম প্ৰত্যক্ষ কৰে সাপটো । ধ্ৰুৱজ্যোতি বৰুৱাই প্ৰথমে সেই সাপবিধ অজগৰৰ পোৱালিনে ৰাছেল ভাইপাৰ সেই কথা নিশ্চিত নাছিল । সেয়েহে তেওঁ সাপটোৰ ভিডিঅ' সংগ্ৰহ কৰি সৰ্পবান্ধৱ সৌৰভ বৰকটকীলৈ প্ৰেৰণ কৰে । বৰকটকীয়ে সাপটো ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰি কিছু সময়ৰ পিচতেই উক্ত স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰে ।
চিৰিয়াখানাত সংৰক্ষণ কৰাৰ আহ্বান :
এই সৰ্পডাল উদ্ধাৰৰ পিচতেই বৰকটকীয়ে বন বিভাগক পৰামৰ্শ আগবঢ়াই কয়," সাপবিধ চিৰিয়াখানাত সংৰক্ষণ কৰি ৰখাটো সঠিক সিদ্ধান্ত হ'ব । অসমৰ বনাঞ্চলত ইয়াক ৰাখিলে ইয়াৰ বংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ অধিক বংশ বৃদ্ধিয়ে জনাঞ্চলতো প্ৰভাৱ পেলাব ।"
উল্লেখ্য যে ২০২৩ বৰ্ষতে তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিছিল অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে । এই অঞ্চলতেই ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হৈছিল তন্ময় কেওঁট নামৰ এটি শিশুৰ । ৰাছেল ভাইপাৰৰ দংশনত অসমত প্ৰথমবাৰৰ বাবে মৃত্যু হোৱা শিশুটিয়েই আছিল তন্ময় কেওঁট ।