অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় একতা দিৱসত দৌৰিলে সঞ্জয় কিষাণে - RUN FOR UNITY

২০১৪ চনৰ পৰা উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস এইবাৰ দুদিন আগতীয়াকৈ উদযাপন কৰা হয় ৷

Sardar Vallabhbhai Patel
তিনিচুকীয়াত ৰাষ্ট্ৰীয় একতা দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 2:44 PM IST

তিনিচুকীয়া: তিনিচুকীয়াৰ ৰাজপথত আজি পুৱাই স্থানীয় বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপসহ বিভিন্নজনৰ একতাৰ দৌৰ । 'লৌহ পুৰুষ' চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে আজিৰ দিনটো 'ৰাষ্ট্ৰীয় একতা দিৱস'ৰূপে তিনিচুকীয়াত উদযাপন কৰা হৈছে ।

তিনিচুকীয়া জিলা প্ৰশাসন, তিনিচুকীয়া জিলা আৰক্ষী বিভাগ আৰু জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী । এই উপলক্ষে মঙলবাৰে পুৱাই তিনিচুকীয়া থানা চাৰিআলিৰ পৰা আয়োজিত 'একতাৰ দৌৰ' আনুষ্ঠানিকভাৱে পতাকা জোকাৰি মুকলি কৰে ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ।

তিনিচুকীয়াত ৰাষ্ট্ৰীয় একতা দিৱস (ETV Bharat Assam)

এই দৌৰত জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক গৌৰব অভিজিৎ দিলীপ, অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠকসহ আৰক্ষী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, আৰক্ষী জোৱান, অৰ্ধসামৰিক বাহিনী আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে অংশগ্ৰহণ কৰে ।

চহৰৰ মাজেৰে অতিক্ৰম কৰা এই দৌৰৰ শেষত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ প্ৰাংগনত সকলোৱে ৰাষ্ট্ৰীয় একতা, সংহতি আৰু নিৰাপত্তা ৰক্ষাৰ শপতগ্ৰহণ কৰে । সমান্তৰালভাৱে জিলাখনৰ অন্যান্য প্ৰান্ততো এই দিৱস উদযাপন কৰা হৈছে । এই শুভক্ষণত দেশৰ মহান নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

উল্লেখ্য় যে ৩১ অক্টোবৰৰ দিনটো প্ৰতিবছৰে দেশত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয় । ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱসৰূপে উদযাপন কৰি অহা হৈছে । অৱশ্যে দীপাৱলী আৰু কালীপূজাৰ পৰিপ্ৰেক্ষিতত এইবাৰ এই দিৱসটো ২৯ অক্টোবৰত উদযাপন কৰা হৈছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় একতা দিৱস; সৰুসজাইত ৰাষ্ট্ৰীয় একতা দৌৰ উদ্বোধন কৰি লৌহ মানৱক স্মৰণ সৰ্বানন্দ সোণোৱালৰ

ৰাষ্ট্ৰীয় একতাৰ হকে দৌৰিবলৈ কাজিৰঙাত পুৱাই ওলাই আহিল বহুজন

ABOUT THE AUTHOR

...view details