শিৱসাগৰ:ৰাজ্যজুৰি ভোগালীৰ ব্যাপক উচাহ । উদুলি-মুদুলি হৈ পৰিছে ৰংঘৰৰ বাকৰি । কিয়নো আহোম ৰজাৰ দিনৰে পৰা উদযাপিত হৈ অহা ৰংপুৰ মেলা এইবাৰো উদযাপন কৰা হৈছে ব্যাপক আয়োজনৰে । টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে এই মেলা । টাই আহোম যুৱ পৰিষদৰ উদ্যোগত বুধবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত মাঘ বিহুৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰংপুৰ মেলা উদুলি মুদুলি হৈ পৰে ।
ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বন্ধ ঘোষিত হৈ থকা পৰম্পৰাগত ম'হ যুঁজ আজি ৰূপহী পথাৰত অনুষ্ঠিত কৰা হয় । এই উপলক্ষে আজি কেইবাযোৰো গোনা ম'হে পৰস্পৰৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নামিল ৰূপহী পথাৰত । ম'হ গুৱালে নিজস্ব আয়োজনেৰে কৰা এই পৰম্পৰাগত ম'হ যুজঁ চাবলৈ আজি ৰূপহী পথাৰত ব্যাপক জনসমাগম হোৱা দেখা যায় ।
ৰংপুৰ মেলাত আহোম, বড়ো, তিৱা আদিকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে । পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক আৰম্ভ হয় । কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰচী টনা, পিছল খুঁটা বগোৱা, কড়ী খেল আদিকে ধৰি ভালেমান পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হয় ।
মেলাত মুখ্য অতিথিৰূপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে আৰু আয়োজকসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী বৰুৱাই ৰাজ্য চৰকাৰে শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্ৰক গতিশীল কৰি তোলাৰ বাবে লোৱা পদক্ষেপসমূহে পৰ্যটনৰ মানচিত্ৰত শিৱসাগৰৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ।