অসম

assam

ETV Bharat / state

বছৰটোত ন্যায়পালিকাৰ ভূমিকা: ব্যক্তিগত স্বাধীনতাৰ পৰা ভুৱা এনকাউণ্টাৰ, উচ্ছেদকলৈ একাধিক গোচৰৰ ৰায় - YEAR ENDER 2024

২০২৪ ত অসম সম্পৰ্কীয় অলেখ বিষয়ত পীড়িত, ভুক্তভোগীৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ ন্যায়পালিকা ।

Role of judiciary in 2024
বছৰটোত ন্যায়পালিকাৰ ভূমিকা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 28, 2024, 8:05 PM IST

গুৱাহাটী: ব্যক্তিগত স্বাধীনতাৰ পৰা ভুৱা এনকাউণ্টাৰ, উচ্ছেদৰ ন্যায়, এ পি এছ চিৰ অনিয়ম তথা আইন উলংঘনলৈ চৰকাৰক জবাবদিহি কৰা একাধিক গুৰুত্বপূৰ্ণ ৰায়ৰে চলিত বছৰটোত ন্যায়পালিকাই ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে । এই বছৰটোত অসম সম্পৰ্কীয় অলেখ বিষয়ত পীড়িত, ভুক্তভোগী আৰু বঞ্চিতৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈ ন্যায়পালিকাই ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে । বিদায়ী ক্ষণত উপনীত হোৱা এই বছৰটোত ন্যায়পালিকাৰ কেবাটাও গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে নাগৰিকৰ অধিকাৰ সুৰক্ষিত হোৱা দেখা যায় ।

এই বছৰটোত ন্যায়পালিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ৰ ভিতৰত ‘বুলড’জাৰ ন্যায়'ৰ পৰা ভুৱা এনকাউণ্টাৰলৈ আইন উলংঘনৰ পৰা দুৰ্নীতিলৈ চৰকাৰক জবাবদিহি,এ পি এছ চিৰ দুর্নামক ন্যায্যতা প্ৰদান আদি উল্লেখযোগ্য । তাৰে ভিতৰত জামিন সন্দৰ্ভত আৰোপ কৰা চৰ্তসমূহৰ ক্ষেত্ৰত নাগৰিকৰ অধিকাৰ ৰক্ষা গুৰুত্ব প্ৰদানে বছৰটো ন্যায়পালিকাৰ গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে চিহ্নিত হৈছে ।

ন্যায়াপালিকাৰ ভূমিকা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়," বিদায়ী বছৰটোত ন্যায়পালিকাই কেতবোৰ গুৰুত্বপূৰ্ণ ৰায় দান‌ কৰিছে । উল্লেখনীয়ভাৱে জামিন সম্পৰ্কত যিবোৰ চৰ্ত পূৰ্বে আৰোপ কৰা হৈছিল সেই ক্ষেত্ৰত কিছু পৰিমাণে ন্যায় প্ৰদান কৰা দেখা গৈছে । পূৰ্বে জামিনৰ ক্ষেত্ৰত বহুত বাধা নিষেধ আছিল ।‌ ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আছিল । শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ ক্ষেত্ৰত থকা ব্যক্তিগত স্বাধীনতাৰ ওপৰত থকা বাধা নিষেধ আঁতৰ কৰিছে ।"

উল্লেখ্য যে যোৱা ২৫ অক্টোবৰত উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়ত জামিনৰ চৰ্তসমূহ যুক্তিসংগত কৰাত গুৰুত্ব দিছিল । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চি টি ৰৱিকুমাৰ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰিছিল যে জামিনৰ মূল উদ্দেশ্য হৈছে অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়াত উপস্থিতি নিশ্চিত কৰা আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা ।এই বছৰটোত ন্যায়াপালিকাৰ গুৰুত্বপূৰ্ণ ৰায়ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইড খালিদে কয়,"অসম আৰক্ষীয়ে বুলড'জাৰ চলাই ঘৰ ভঙা নগাঁৱৰ বটদ্ৰৱাৰ ছটা পৰিয়ালক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চলিত বছৰতে ৰাজ্য চৰকাৰে ৩০ লাখ টকা ক্ষতিপূৰণ দিবলৈ বাধ্য হোৱা উল্লেখযোগ্য ৰায় বুলি উল্লেখ কৰিব পাৰি ।" তেওঁ পুনৰ কয়," ভুৱা এনকাউন্টাৰ'ৰ অভিযোগক লৈ হোৱা এখন আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ লগতে ৰাজ্যিক মানৱ অধিকাৰ আয়োগক কৰা বাৰম্বাৰ প্ৰশ্নৰ পাছত অসমত আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে অৱলম্বন কৰা 'নতুন পেটান'ৰ গতি পূৰ্বৰ বছৰৰ তুলনাত চলিত বছৰটোত মন্থৰ কৰিবলৈ বাধ্য হয় । আবেদনত উচ্চতম ন্যায়ালয়ে কোনো ৰায় দিয়া নাই যদিও আদালতৰ স্থিতিয়ে অসম আৰক্ষীক চলিত বছৰটোত কার্যতঃ জবাবদিহি কৰিছে ।"

ব্যক্তিগত বিদ্যালয়ত ২৫ শতাংশ আসন সংৰক্ষণৰ ৰায় :

তেওঁ কয়," ২০১৩-১৪ বৰ্ষৰপৰা এ পি এছ চিত সংঘটিত কেলেংকাৰীৰ গোচৰ আৰু ব্যক্তিগত বিদ্যালয়তো শিক্ষাৰ অধিকাৰ আইনৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ ৰায়টো গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি ।‌ উল্লেখ্য যে 2021 চনৰ মে'ৰপৰা ৰাজ্যত আৰক্ষীয়ে অভিযুক্তক কৰা 'ভুৱা এনকাউন্টাৰ'ৰ অভিযোগক লৈ হোৱা এখন আবেদনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে বিগত তিনিটা শুনানিত ‘এনেদৰে অভিযুক্তই প্ৰাণ হেৰুৱাব লগা হোৱাটো আইনৰ শাসনত ভাল কথা নহয়; 'মানব অধিকাৰ আয়োগে সক্রিয় ভূমিকা গ্রহণ কৰা উচিত' বুলি পর্যবেক্ষণ আগবঢ়োৱাৰ লগতে ভুৱা এনকাউন্টাৰৰ ঘটনাৰ ন্যায়াধীশৰ জৰিয়তে তদন্তৰ পোষকতা কৰি মন্তব্য আগবঢ়াইছে ।"

ইপিনে, ৯গৰাকী কৰ্মৰত ৰাজপত্রিত বিষয়াক বিশেষ ন্যায়াধীশৰ আদালতে অভিযুক্ত হিচাপে সাঙুৰি গোচৰ পঞ্জীয়ন কৰা ঘটনাও বছৰটোৰ অন্যতম উল্লেখনীয় ঘটনা । আনহাতে, উচ্চতম ন্যায়ালয়ে প্রশাসনে অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱা 'বুলড'জাৰ ন্যায়'ৰ বিৰুদ্ধে এই বছৰটোত গ্ৰহণ কৰা কঠোৰ স্থিতি তথা এটাৰ পাছত এটা নীতি-নিৰ্দেশনাৰ প্রভাৱ অসমতো পৰিলক্ষিত হয় । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথৰ বিচাৰপীঠে যোৱা ছেপ্টেম্বৰত আদালতৰ অনুমতি অবিহনে ঘৰভঙা কার্যত অন্তর্বর্তী স্থগিতাদেশ আৰু ১৩ নৱেম্বৰত এজন লোক অভিযুক্ত বা দোষী সাব্যস্ত হ'লেই কার্যপালিকাই তেওঁৰ ঘৰ বা সম্পত্তি ধ্বংস কৰিব নোৱাৰে বুলি কঠোৰ আদেশ জাৰি কৰে । উচ্চতম ন্যায়ালয়ৰ এই আদেশৰ পৰিপ্ৰেক্ষিতত অসমত কচুতলীকে ধৰি অন্য একাধিক স্থানত প্রস্তাবিত উচ্ছেদ অভিযান সদ্যহতে বন্ধ কৰা হয় ।

বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ ২৫ মাৰ্চ :

অসমত দীর্ঘদিনে বিতৰ্ক আৰু চৰ্চাৰ কেন্দ্ৰ হৈ থকা বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ ২৫ মাৰ্চ বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে এই বছৰতে ৰায়দান কৰে । চাকৰিৰ নামত দুৰ্নীতিৰ পোহাৰ মেলা বুলি ৰাজ্যৰ অন্যতম সাংবিধানিক সংস্থা অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ন্যায্যতা এই বছৰটোত পুনৰবাৰ প্ৰতিপন্ন হয় । এ পি এছ চিয়ে কৰা একাধিক বৃহৎ বাচনি খাৰিজ কৰাৰ লগতে ন্যায়ালয়ে এ পি এছ চিৰ দুৰ্নীতিৰ বহু হিতাধিকাৰীক দোষী সাব্যস্ত কৰে আৰু শাস্তি বিহে ।

ৰাকেশ পালক কাৰাদণ্ড

২০১৩-১৪ বৰ্ষৰপৰা এ পি এছ চিত সংঘটিত কেলেংকাৰীৰ গোচৰত চলিত বছৰটোত প্ৰথমটো ৰায়দান হয় । ২০১৪-১৫ বৰ্ষৰ কৃষি উন্নয়ন বিষয়া বাচনি কেলেংকাৰীৰ এই গোচৰটোত ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে যোৱা ২২ জুলাইত এ পি এছ চিৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু ২৯গৰাকী কৰ্মৰত জিলা কৃষি উন্নয়ন বিষয়াসহ মুঠ ৩২ অভিযুক্তক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰে দণ্ডিত কৰে । এ পি এছ চিক কলংকিত কৰা ২০১৫ চনৰ আন এক কেলেংকাৰীৰ গোচৰতো গুৱাহাটী উচ্চ ন্যায়ালয়ে চলিত বৰ্ষত ৰায়দান কৰে ।

এই বছৰতে ন্যায়পালিকাৰ কঠোৰ স্থিতিৰ বাবেই ৰাজ্য চৰকাৰ ব্যক্তিগত বিদ্যালয়তো শিক্ষাৰ অধিকাৰ আইনৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ বাধ্যতামূলক ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ বাধ্য হয় ।

ন্যায়পালিকাত জবাবদিহি হোৱাৰ পাছতে ৰাজ্য চৰকাৰে অভিলাষী কামাখ্যা কৰিড'ৰ প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰৰ ভূগৰ্ভৰ জলধাৰাৰ ওপৰত পৰিব পৰা প্ৰকল্পৰ বিৰূপ প্ৰভাৱ সম্পৰ্কে আই আই টি গুৱাহাটীৰ নিৰীক্ষণত বিশেষজ্ঞৰ হতুৱাই অধ্যয়ন কৰাবলৈ,দীঘলীপুখুৰী-বামুণীমৈদাম সংযোগী উৰণ সেতুৰ নক্সা সলনি কৰি দীঘলীপুখুৰীৰ পাৰৰ শতিকা পুৰণি বৃক্ষকেইজোপা ৰক্ষা কৰিবলৈ বাধ্য হয় ।

লটাৰী নিষিদ্ধ:

ইয়াৰ সমান্তৰালকৈ ৰাজ্যত সকলো ধৰণৰ অবৈধ অনলাইন আৰু অফলাইন লটাৰী নিষিদ্ধ কৰি আৰু ৰাজ্য চৰকাৰে বন্যপ্রাণী সুৰক্ষা আইন আৰু পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন উলংঘা কৰি পৰম্পৰাগত মহযুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দি জাৰি কৰা প্রশাসনিক অধিসূচনা খাৰিজ কৰি উচ্চ ন্যায়ালয়ে দিয়া দুটা ৰায় এই বছৰটোৰ অন্যতম দুটা চৰ্চিত ৰায় হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক:গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত মানি নলয় বাৰ এছ’চিয়েশ্যনে

এ পি এছ চি কেলেংকাৰী: যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰক গ্ৰেপ্তাৰ - অসম চৰকাৰ

ABOUT THE AUTHOR

...view details