যোৰহাট, ২৭ ফেব্ৰুৱাৰী:যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় পৰা ৫০ মিটাৰ দূৰত্বত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । দিনৰ পোহৰতেই যোৰহাটত সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । যোৰহাট বাহফলাৰ ভূপেন পেগু নামৰ এজন ব্যক্তিয়ে যোৰহাট এছ বি আই মুখ্যকাৰ্যালয় পৰা ২ লাখ ১০ হাজাৰ টকা উলিয়াই আনি জিলা অধীক্ষক কাৰ্যালয় সন্মুখৰ ওচৰৰে এক স্থানত উপস্থিত হয় । পূৰ্বৰ পৰাই নিৰীক্ষণ কৰি থকা দুজন যুৱকে লোকজনক বাইকৰ ওচৰত পইচা পৰি আছে বুলি কয় ।
এই যুৱক দুজনৰ কথা মতে লোকজনে তেওঁৰ পইচা নহয় বুলি কয় আৰু অন্য ব্যক্তিৰ পইচা হ'ব পাৰে বুলি ভাবি পেগুৱে পইচাখিনি বুটলি ওচৰেই দোকানত দিবলৈ যায় । তেওঁৰ হাতত থকা টকাভৰ্তি বেগটো বাইকখনতে ওলোমাই থৈ যায় । সেই সময়তে সুযোগ বিচাৰি থকা দুই যুৱকে পেগুৰ পইচাভৰ্তি বেগটো লৈ উধাও হয় । এই সম্পৰ্কে ভুক্তভোগী পেগুৱে আৰক্ষীক অৱগত কৰে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । ইতিমধ্যে লোকজনে ডকাইতিৰ ঘটনা সম্পৰ্কে যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ।