ডিব্ৰুগড়:অসম কৃষি প্ৰধান ৰাজ্য হিচাপে দেশবাসীয়ে জানিছিল । কিন্তু অসমত কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ কমিছে ৰাইজৰ । আধুনিক সমাজ জীৱন আৰু চাকৰিৰ চিন্তাই কৃষিৰ প্ৰতি আগ্ৰহ কমাইছে অধিকাংশ লোকৰে । ফলত অসমলৈ আমদানী কৰিব লগা হৈছে প্ৰায়সমূহ কৃষি সামগ্ৰী । বিশেষকৈ আজি নতুন প্ৰজন্ম কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী নোহোৱা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কিছুসংখ্যক লোকে ব্যতিক্ৰমী ৰূপত কৃষি কৰি দেখুৱাইছে আদৰ্শ ।
তেনে সময়ত খোৱাং হালধিবাৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে বুঢ়ীদিহিঙৰ চাপৰিত গঢ়িছে সেউজ বিপ্লৱ । টকা নহয়, কামৰ পিছত দৌৰি ভালপোৱা এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাহিনী এইয়া । ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰীৰ দীঘলীয়াহোলাৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে বুঢ়ীদিহিঙৰ চাপৰিত গঢ়িছে সেউজ বিপ্লৱ । দুই শিক্ষিত পুত্ৰৰ এজন সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল হোৱা পাছতো কৃষি কৰ্মত ব্যস্ত অৱসৰপ্ৰাপ্ত শিক্ষক নিত্যানন্দ আহোম ।
নিত্যানন্দ আহোম নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে ২৬ বিঘাকৈ মাটিত ৰঙালাও খেতি কৰি আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শ । সৰুৰে পৰা খেতিৰ প্ৰতি বিশেষ ৰাপ থকা শিক্ষকজনে অৱসৰৰ সময়খিনি ঘৰতে নকটাই বুঢ়ীদিহিঙৰ চাপৰিত কৰি আহিছে খেতি । বানৰ পিছত শৰৎ সোমোৱাৰ লগে লগে তেওঁ প্ৰতিবছৰে আৰম্ভ কৰে ৰবি শস্যৰ খেতি । বৰ্তমান ২৮ বিঘা মাটিৰ ভিতৰত ২৬ বিঘাত ৰঙালাউ আৰু ২ বিঘা মাটিত বগৰী, কবি, মূলা, বেঙেনা আদিৰ খেতি কৰিছে ।
উৎপাদিত ৰঙালাওসমূহ তেওঁ ৰাজমাই বজাৰৰ লগতে কলকাতালৈও ৰপ্তানি কৰে । পত্নীহাৰা অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ আছে তিনিটি সন্তান । ইয়াৰে ডাঙৰ ল'ৰাজন আৰু কন্যাগৰাকীয়ে শিক্ষকতা কৰে আৰু সৰু ল'ৰাজন সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল । টকা নহয়, কামৰ পিছত দৌৰি ভালপোৱা অৱসৰপ্ৰাপ্ত শিক্ষকজনে নৱ-প্ৰজন্মক খেতিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায় ।