অসম

assam

এইবাৰ বতৰে ম্লান পেলাব নেকি দুৰ্গা পূজাৰ আনন্দ ? - IMD forecast Assam

Durga Puja 2024: দুৰ্গা পূজাৰ সময়ত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই । সেমেকিব পাৰে ৰাইজৰ পূজাৰ আনন্দ ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Published : 4 hours ago

Durga Puja 2024
এইবাৰ বতৰে সেমেকা কৰিব নেকি দুৰ্গা পূজা (ETV Bharat)

গুৱাহাটী, ৪ অক্টোবৰ :দুৰ্গা পূজালৈ মাজত মাত্ৰ ৫ দিন বাকী আছে । কিন্তু বিগত দুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ বৰষুণে সকলো ভক্তকে চিন্তিত কৰি তুলিছে । অৱশ্যে দুৰ্গা পূজাৰ সময়ত বতৰে বিধি-পথালি দিব পাৰে ।

বিশেষকৈ ৪৫০ খনৰো অধিক দুৰ্গা পূজাৰ আয়োজন কৰা গুৱাহাটী মহানগৰীত বৰষুণে এই আনন্দ ম্লান কৰিব পাৰে ! কাৰণ গুৱাহাটীত অহা ৯ আৰু ১০ অক্টোবৰত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই কথা সদৰী কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

এইবাৰ বতৰে সেমেকা কৰিব নেকি দুৰ্গা পূজা (Regional Meteorological Centre, Guwahati)

অহা ৩ দিনলৈ ৰাজ্যত বৰষুণৰ সতৰ্কবাণী

ৰাজ্যৰ সকলো জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অহা ২৪ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে । গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য মতে, অহা ৩ দিনলৈ ৰাজ্যৰ দুই এঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

এইবাৰ বতৰে সেমেকা কৰিব নেকি দুৰ্গা পূজা (Regional Meteorological Centre, Guwahati)

নামনি অসমত প্ৰবল বৰষুণৰ সম্ভাৱনা

ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ নামনি অসমৰ জিলা ক্ৰমে ধুবুৰী, বাক্সা, বৰপেটা, নলবাৰী, বজালী আৰু তামুলপুৰ জিলাত ২৪ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে । আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে শুকুৰবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী চেলচিয়াছ থাকিব । অহা এসপ্তাহত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ২৯ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব ।

এইবাৰ বতৰে সেমেকা কৰিব নেকি দুৰ্গা পূজা (Regional Meteorological Centre, Guwahati)

বৰষুণৰ পৰিমাণ হ্ৰাস

উল্লেখ্য যে যোৱা ৩ মাহ ধৰি ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ বহুখিনি হ্ৰাস পাইছিল । বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি যোৱা ১ জুনৰ পৰা (বর্ষাকাল আৰম্ভ হোৱা সময়ৰ পৰা) ২৪ ছেপ্টেম্বৰলৈ ৰাজ্যৰ ১২ খন জিলাত হোৱা বৰষুণৰ পৰিমাণ কম আছিল ।

এইবাৰ বতৰে সেমেকা কৰিব নেকি দুৰ্গা পূজা (Regional Meteorological Centre, Guwahati)
সেই জিলাকেইখন হৈছে ক্ৰমে বঙাইগাঁও (-৩৬ শতাংশ), চিৰাং (-৪২ শতাংশ), দৰং (-৬০ শতাংশ), ধেমাজি (-৩৪ শতাংশ), ডিমা হাছাও (-২৩ শতাংশ), গোৱালপাৰা (-৩৮ শতাংশ), কামৰূপ (-৪১ শতাংশ), কার্বি আংলং (-২৩ শতাংশ), লখিমপুৰ (-২৭ শতাংশ), নগাঁও (-৩৮ শতাংশ), শোণিতপুৰ (-৩০ শতাংশ) আৰু ওদালগুৰি (-২৭ শতাংশ) । বাকীকেইখন জিলাতো বৰষুণৰ পৰিমাণ কম হৈছে যদিও '-১৯' শতাংশলৈ বতৰ বিজ্ঞানে স্বাভাৱিক বৰষুণ হোৱা বুলিয়েই উল্লেখ কৰে ।

লগতে পঢ়ক :এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - Durga Puja 2024

ABOUT THE AUTHOR

...view details