গুৱাহাটী, ৯ আগষ্ট:সদনত শেহতীয়াকৈ ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ লৈকে দেশৰ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে । কেন্দ্ৰীয় চৰকাৰে 'ৱাকফ আইন ১৯৯৫' সংশোধন কৰি ৱাকফ (সংশোধনী) বিধেয়ক,২০২৪ জৰিয়তে নতুন আইন প্ৰণয়ণৰ বাবে সাজু হৈছে । ইতিমধ্যে এই বিধেয়ক বিবেচনা কৰাৰ বাবে যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰা হৈছে । এই বিধেয়কখন গৃহীত হ'লে ৱাকফ সম্পত্তি সমূহ কেন্দ্ৰীয় চৰকাৰে হস্তগত কৰিব নেকি ? ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত অসমতো মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত মন্তব্য় কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে ।
ৱাকফ সম্পত্তি কি:
ৱাকফ হৈছে মুছলমানসকলৰ পৰা দানসূত্ৰে সংগ্ৰহ কৰা সম্পত্তি যাক মুছলমান সম্প্ৰদায়ৰ উন্নয়ন আৰু কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয় । ভাৰতত মধ্যযুগৰ পৰাই বহু মুছলমানে নিজৰ মাটি সম্পত্তি মুছলিম জনগোষ্ঠীৰ কল্যাণৰ বাবে দান দি গৈছে । ৱাকফ দুই প্ৰকাৰৰ-ৰাজহুৱা ৱাকফ আৰু বংশগতভাৱে কৰা ৱাকফ । ইংৰাজসকলে ভাৰতত ৱাকফ সম্পত্তিক আইগত কৰাৰ ক্ষেত্ৰত মুছলমান ৱাকফ বৈধতা আইন ১৯৩০ প্ৰণয়ন কৰা হৈছিল । পিছলৈ স্বাধীনোত্তৰ ভাৰতত 'ৱাকফ আইন ১৯৫৪ আইন' প্ৰণয়ণ কৰা হৈছিল । এই আইনখন পিছলৈ কেইবাবাৰো সংশোধন কৰা হয় ।
ৱাকফ ব'ৰ্ড কি:
স্বাধীনোত্তৰ ভাৰতত ৱাকফ আইন ১৯৫৪ প্ৰণয়ন কৰি কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু সকলো ৰাজ্যতে ৰাজ্যিক ব’ৰ্ড গঠন কৰা হৈছিল । এই ৰাজ্যিক ব’ৰ্ড ৱাকফ সম্পত্তিৰ নিৰীক্ষণৰ দায়িত্বত আছে । ৱাকফ সম্পত্তিসমূহ সঠিক উদ্দেশ্যেৰে ব্যৱহাৰ হৈছে নে নাই সেয়া নিৰীক্ষণ কৰে ।
নতুন আইনে কি প্ৰভাৱ পেলাব ?
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে কয়," ৱাকফ ব'ৰ্ডক লৈ ভাৰতৰ সংসদত উত্তপ্ত আলোচনা হৈছে ৷ প্ৰস্তাৱিত সংশোধনীৰ ফলত ৱাকফ ব’ৰ্ডে জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিজৰ সম্পত্তি পঞ্জীয়ন কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা আছে ।" তেওঁ কয়," ৱাকফ ব'ৰ্ড হৈছে এটা মুছলমান সংগঠন, যাৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তিবোৰ সুৰক্ষিত কৰা । যিহেতু ৱাকফ সম্পত্তিবোৰ মুছলিমসকলৰ দ্বাৰা দানকৃত আৰু মুছলিমসকলৰ কল্যাণৰ হকে উৎসৰ্গিত, সেয়ে তাত ৱাকফ ব'ৰ্ডৰ বাহিৰে কাৰো হস্তক্ষেপ থাকিব নালাগিছিল ৷ কিন্তু এই বৃহৎ পৰিমানৰ সম্পত্তিৰ অধিকাংশ বৰ্তমান বেদখল হৈ আছে, সেইবোৰ মুক্ত কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা নাই, ওলোটাই যিখিনি আছে সেইখিনি ব্যৱহাৰৰ কৰ্তৃত্ব ভাৰত চৰকাৰে ৱকফ বোৰ্ডৰ হাতৰ পৰা নিব বিচাৰিছে ৷ "
বহুতে প্ৰশ্ন তোলে, ধৰ্মনিৰপেক্ষ দেশত মুছলমানৰ বাবে এইদৰে সম্পদ জানো থাকিব লাগে ? কিন্তু প্ৰশ্ন হয়, আন ধৰ্মৰ জানো ধৰ্মীয় সংস্থা নাই ? তেওঁ কয়," আমি সকলোৱে একমত যে ভাৰত হৈছে বৈচিত্ৰময় ধৰ্ম আৰু সংস্কৃতিৰ দেশ । এই দেশত বহুতো ধৰ্মীয় সংস্থা আছে যাৰ লক্ষ্য মুছলমানসকলৰ ৱাকফ ব'ৰ্ডে কৰাৰ দৰে কাম কৰা । জৈন ন্যাস আৰু সংস্থা , পাৰ্চী ন্যাস আৰু অঞ্জুমান, খ্ৰীষ্টান মিছনেৰী সমিতি, গীৰ্জা পৰিষদ, শিখ গুৰুদ্বাৰা এইবোৰধৰ্মীয় সম্পত্তি আৰু এই প্ৰতিষ্ঠানসমূহৰ প্ৰশাসন আৰু ব্যৱস্থাপনা ধৰ্মীয় ব্যৱস্থাপনা সংস্থাৰ অধীন । এই সংগঠনবোৰৰ আইনী কৰ্তৃত্ব আৰু কৰ্তব্য কিছুমান আইন আৰু নিয়মৰ দ্বাৰা পৰিচালিত । তেওঁলোকে বেদখলকৃত সম্পত্তি বিবাদ, ধৰ্মীয় নিয়ম পালন সম্পৰ্কীয় আইনী বিষয়সমূহ চোৱাচিতা কৰে । এই সংগঠনসমূহৰ সম্পত্তিৰ পৰা আহৰণ কৰা ধন পৰিচালনা কৰাটো তেওঁলোকৰ যৌথ দায়িত্বসমূহৰ ভিতৰত এটা । এই সংস্থাসমূহে ৱাকফ ব'ৰ্ডৰ সৈতে প্ৰায় একেধৰণৰ কাম-কাজ কৰে ৷ কিন্তু কেতিয়াও এইবোৰ সংস্থাত কোনেও হস্তক্ষেপ নকৰে, লক্ষ্য নকৰে ৷