অসম

assam

ETV Bharat / state

ৰতন টাটাৰ বাবেই আজি অসমত সহজলভ্য হ'ল কৰ্কট ৰোগৰ চিকিৎসা - ASSAM CANCER CARE FOUNDATION

Ratan Tata: অসমৰ স্বাস্থ্য়সেৱাত ৰতন টাটাৰ অৱদান অতুলনীয় । এই সন্দৰ্ভত ই টিভি ভাৰতৰ অনুপ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ।

Ratan Tata
ৰতন টাটাৰ বাবে আজি অসমত সহজলভ্য কৰ্কট ৰোগৰ চিকিৎসা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 10, 2024, 5:20 PM IST

Updated : Oct 10, 2024, 6:46 PM IST

গুৱাহাটী,১০ অক্টোবৰ :বিশিষ্ট উদ্যোগপতি তথা সমাজহিতৈষী ৰতন টাটাৰ মৃত্যু নিশ্চিতভাৱে এটা যুগৰ সমাপ্তিক সূচাইছে । অনুগ্ৰহ, নম্ৰতা আৰু সহানুভূতিশীল হিচাপে জনাজাত সমাজসেৱকগৰাকীৰ মৃত্যুত দেশৰ প্ৰতিটো প্ৰান্তৰ লোকে শোক প্ৰকাশ কৰিছে যদিও অসমৰ দূৰৱৰ্তী অঞ্চলৰ লোকসকলে আজি এগৰাকী মহান সহানুভূতিশীল লোকক হেৰুৱাইছে । ৰতন টাটা বা টাটা গ্ৰুপৰ অৱদান অসমৰ বিভিন্ন ক্ষেত্ৰত অতুলনীয় । স্বৰ্গীয় ৰতন টাটাৰ উদ্যোগৰ বাবে অসমত কৰ্কট ৰোগৰ যত্ন বা পৰিচৰ্যা আৰু চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তন আহিছে । যাৰ ফলত স্থাপন হৈছে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এ চি চি এফ) । অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে প্ৰথম আৰু উল্লেখযোগ্য পদক্ষেপ হিচাপে অসমত কৰ্কট ৰোগৰ যত্নৰ বোজা সমাধানৰ বাবে ২০১৭ চনত স্থাপন কৰিছিল এ চি চি এফ ।

অসমত এ চি চি এফৰ অধীনত ১৭ খন কৰ্কট ৰোগ চিকিৎসালয়

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰকল্প সঞ্চালক গৌতম চিন্তেই এই সন্দৰ্ভত কয়, "ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি) মোডত এ চি চি এফ হৈছে বিশ্বৰ সৰ্ববৃহৎ কৰ্কট ৰোগ যত্ন পদক্ষেপ । এ চি চি এফৰ অধীনত অসমৰ বিভিন্ন জিলাত মুঠ ৯ খন কৰ্কট ৰোগ চিকিৎসালয় স্থাপন কৰা হৈছিল । আনহাতে আন ৮খন কৰ্কট ৰোগ চিকিৎসালয় ২০২৬ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৷ ইয়াৰ মূল লক্ষ্য হ'ল কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে যাতে কোনো ৰোগীয়ে ঘৰৰ পৰা ৩ কিলোমিটাৰতকৈ অধিক ভ্ৰমণ কৰিব নালাগে ।"

অসমত কৰ্কট ৰোগৰ যত্ন আৰু চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তনৰ কথা উল্লেখ কৰি তেওঁ কয়, "ৰতন টাটাই নিজেই আৰম্ভ কৰা এ চি চি এফৰ অধীনৰ সকলো কৰ্কট ৰোগ চিকিৎসালয়ত বিশ্বমানৰ প্ৰযুক্তি উপলব্ধ হোৱাটোও তেওঁ নিশ্চিত কৰিছে । পৃথিৱীৰ কোনো ঠাইতে এনে ধৰণৰ পদক্ষেপ দেখা পোৱা যোৱা নাছিল । সকলো কেন্দ্ৰ অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত । ইয়াৰ অৰ্থ হৈছে যে নিউয়ৰ্কৰ এখন কৰ্কট চিকিৎসালয়ত যিধৰণৰ প্ৰযুক্তি উপলব্ধ, অসমৰো এ চি চি এফৰ অধীনৰ যিকোনো কৰ্কট ৰোগ চিকিৎসালয়তো সেয়া উপলব্ধ ।"

অসমলৈ টাটা ট্ৰাষ্টৰ সৰ্ববৃহৎ পুঁজি

উল্লেখ্য যে এ চি চি এফ স্থাপনৰ পূৰ্বে অসমত এখন মাত্ৰ শীৰ্ষ চিকিৎসালয় আছিল য'ত কৰ্কট ৰোগীয়ে আদিৰ পৰা অন্তলৈ চিকিৎসা লাভ কৰিছিল । লোকসকলে অধিক ব্যয় বহন কৰি শীৰ্ষ চিকিৎসালয়লৈ যাত্ৰা কৰিব লগা হৈছিল । চিন্তেই কয় যে টাটা ট্ৰাষ্টে এ চি চি এফৰ বাবে অসম চৰকাৰক ১১৮০ কোটি টকাৰ পুঁজি যোগান ধৰিছে, যি আজিলৈকে দেশৰ যিকোনো কৰ্পোৰেট খণ্ডৰ দ্বাৰা আগবঢ়োৱা সৰ্ববৃহৎ চি এছ আৰ অৱদান ।

উত্তৰ-পূৱত কৰ্কট ৰোগীৰ বৰ্ধিত হাৰ

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কৰ্কট ৰোগীৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক । অসমত কৰ্কট ৰোগীৰ হাৰ হৈছে প্ৰতি লাখ জনসংখ্যাত ১১৪ গৰাকী । যি ৰাষ্ট্ৰীয় গড়ৰ তুলনাত অধিক । ৰাষ্ট্ৰীয় গড় হিচাপত প্ৰতি লাখ জনসংখ্যাত কৰ্কট ৰোগীৰ সংখ্যা ৯৭ গৰাকী । উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰতো ৰাষ্ট্ৰীয় গড়ৰ তুলনাত এনে ঘটনাৰ হাৰ অধিক । মিজোৰামত ই প্ৰতি লাখ জনসংখ্যাত ১৯০ গৰাকী । আনহাতে মেঘালয়ত প্ৰতি লাখ জনসংখ্যাত ১৬০ । চিন্তেই কয়, "এ চি চি এফে অসমত কৰ্কট ৰোগৰ চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে, কিয়নো ই চিকিৎসা ব্যৱস্থাক মানুহৰ ঘৰলৈ লৈ গৈছে । যি পূৰ্বে উপলব্ধ নাছিল ।"

উত্তৰ-পূৱত কৰ্কট ৰোগৰ সংক্ৰমণ সম্পৰ্কে অধিক তথ্য প্ৰদান কৰি চিন্তেই কয় যে অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাত মহিলাসকলৰ মাজত কৰ্কট ৰোগৰ হাৰ সৰ্বাধিক । একেদৰে মিজোৰামৰ আইজল জিলাত পুৰুষৰ কৰ্কট ৰোগৰ হাৰ সৰ্বাধিক ।

এ চি চি এফে প্ৰশিক্ষিত মানৱ সম্পদ গঢ়া, সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচীৰ লগতে উচ্চ মানৰ পৰিচৰ্যা প্ৰদান কৰাৰ বাবে এক একত্ৰিত প্ৰযুক্তি মঞ্চ বিকশিত কৰাৰ প্ৰচেষ্টাকো নিশ্চিত কৰে । ইয়াৰ উপৰিও, অঞ্চল ভিত্তিক কৰ্কট ৰোগৰ প্ৰকাৰৰ ওপৰত গুৰুত্ব দিবলৈ গুৱাহাটীত এক অত্যাধুনিক কৰ্কট গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :অসমহিতৈষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

Last Updated : Oct 10, 2024, 6:46 PM IST

ABOUT THE AUTHOR

...view details