অসম

assam

ETV Bharat / state

ৰাসলৈ বেছি দিন নাই; মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল - MAJULI MASK CULTURE

সমাগত ৰাস মহোৎসৱ ৷ ৰাসৰ আখৰাত ব্যস্ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জীয়াৰী-বোৱাৰী ৷ ৰাসৰ বাবে মূৰ তুলিবলৈ আহৰি নাই মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকলৰো ৷

Mukha Mask Making preparation
মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 8:10 AM IST

মাজুলী :মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰাস বুলি ক’লেই পোন প্ৰথমে সত্ৰপীঠ মাজুলীৰ ছবিখন সকলোৰে মনলৈ আহে । ৰাসৰ সৈতে মাজুলীৰ আছে এৰাব নোৱাৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।

কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ বতাহ । প্ৰতিবাৰৰ দৰে এইবছৰো মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 12 খনকৈ সত্ৰত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । বান-বাৰিষাৰ সকলো দুখ-দুৰ্দশা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ ।

মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল (ETV Bharat Assam)

ইফালে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ দৃশ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কিয়নো সত্ৰৰ মুখাশিল্পীসকল এতিয়া ৰাস মহোৎসৱত ব্যৱহৃত হ’বলগীয়া মুখা তৈয়াৰ কৰাত ব্যস্ত । এই চামগুৰি সত্ৰত তৈয়াৰ কৰা মুখা ৰাসত প্ৰদৰ্শনৰ বাবে মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ যাব । যাৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক :ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ

উল্লেখ্য যে, চামগুৰি সত্ৰত নিৰ্মাণ কৰা মুখাই আকৰ্ষণ কৰে দেশী-বিদেশী পৰ্যটকক । ইতিমধ্যে বহু পৰ্যটকৰ আগমনো ঘটিছে দ্বীপ জিলা মাজুলীলৈ । আশা কৰা হৈছে এইবছৰ আন বছৰৰ তুলনাত বহু বেছি পৰিমাণে দেশী-বিদেশী পৰ্যটকৰ আগমন হ’ব দ্বীপ জিলাখনলৈ ।

ইফালে চামগুৰি সত্ৰৰ শিল্পীসকলৰ হাতৰ পৰশত নিমাৰ্ণ হৈছে অঘাসুৰ, বকাসুৰ, পুতনা ৰাক্ষসী আদিকে ধৰি বিভিন্ন ধৰণৰ মুখা । এইসকল মুখাশিল্পীৰ আহ্বান আহক মাজুলীলৈ আৰু উপভোগ কৰক মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ ।

লগতে পঢ়ক :গৱেষণাধৰ্মী মুখাশিল্পৰে স্বাৱলম্বিতাৰ বাট বুলাইছে প্ৰদীপ হাজৰিকাই

ABOUT THE AUTHOR

...view details