ৰঙিয়া:ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিশেষ ৰায় । মুকবধিৰ কিশোৰীক ধৰ্ষণ কৰা অভিযুক্তক বিহিলে সশ্ৰম কাৰাদণ্ড । ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ধৰ্ষণকাৰীক । ২০১৪ চনতে ৰুজু হৈছিল এই গোচৰ আৰু অৱশেষত ন্যায় লাভ কৰিলে ভুক্তভোগীয়ে ।
২০১৪ চনত এগৰাকী মুকবধিৰ কিশোৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৰাজু মোদক নামৰ এজন যুৱকৰ বিৰুদ্ধে । অপৰাধী ৰাজু মোদকে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া মহকুমাৰ কমলপুৰ আৰক্ষী থানাত ৬৬/১৭ নম্বৰৰ গোচৰ ৰুজু হৈছিল এই জঘন্য ধৰ্ষণ কাণ্ডৰ গোচৰ । সুদীৰ্ঘ ৮ বছৰ ধৰি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰাধীন হৈ আছিল এই গোচৰটো ।
অৱশেষত মঙলবাৰে এই গোচৰটোৰ চূড়ান্ত ৰায় দিয়ে ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে । অভিযুক্ত ৰাজু মোদকক ৩৭৬ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকা জৰিমনা বিহা হয় । ধৰ্ষণকাৰী ৰাজু মোদকক আদালতে সশ্ৰম কাৰাদণ্ড বিহাত সন্তোষ প্ৰকাশ কৰে ধৰ্ষিতা মুকবধিৰ কিশোৰীগৰাকীৰ লগতে কমলপুৰৰ ৰাইজে ।