অসম

assam

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 9:00 PM IST

Updated : Mar 4, 2024, 9:16 PM IST

ETV Bharat / state

প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰমণী বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

Ramani Barman Funeral : ৰাজ্যৰ প্ৰবীণ ৰাজনীতিক ৰমণী বৰ্মন প্ৰয়াত । নলবাৰীৰ ভাড়াঘৰত শেষ নিশ্বাস ত্যাগ সমাজবাদী আন্দোলনৰ হোতা ৰমণী বৰ্মনৰ । এটি আদৰ্শৰ মহাপ্ৰয়াণ ৷ অন্তিম শয়নত মূল্যবোধৰ প্ৰতিভূ ৰমণী বৰ্মন ৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন অন্ত্যেষ্টিক্ৰিয়া ৷

ৰমণী বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
ৰমণী বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

প্ৰাক্তন শিক্ষা মন্ত্ৰী ৰমণী বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

নলবাৰী, ৪ মাৰ্চ :পঞ্চভূতত বিলীন হ'ল ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন । ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় অন্তিম সংস্কাৰ । গোলাপ বৰবৰা নেতৃত্বাধীন চৰকাৰৰ শিক্ষা, গৃহ, সমাজ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । মহান নেতাগৰাকীলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে অজস্ৰ গুণমুগ্ধই ।

উল্লেখ্য, এগৰাকী মন্ত্ৰী হৈয়ো ৰমণী বৰ্মনে কটাইছিল অনাড়ম্বৰ জীৱন । আমৃত্যু নিজৰ আদৰ্শত তেওঁ আছিল অলৰ-অচৰ । এক কথাত তেওঁ আছিল সততা আৰু মূল্যবোধ সম্পন্ন ৰাজনীতিৰ এক প্ৰতিভূ । ১৯৩৭ চনত জন্মগ্ৰহণ কৰা ৰমণী বৰ্মনে ১৯৫৪ চনত তেতিয়াৰ গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈছিল । পৰৱৰ্তী সময়ত ১৯৫৯ চনত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ ১৯৬৩ চনত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিচতেই তেওঁ নলবাৰী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে । আনহাতে, অধ্যাপক হৈ থাকোতে মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰয়াত ত্ৰৈলোক্য নাথ গোস্বামী আৰু উমাকান্ত শৰ্মাৰ সংস্পৰ্শলৈ আহি তেওঁ সমাজবাদী আন্দোলনত জঁপিয়াই পৰে । তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায়ৰ বিৰুদ্ধে তেওঁ আন্দোলন সাব্যস্ত কৰিছিল ।

পৰৱৰ্তী সময়ত ১৯৭৮ চনত গোলাপ বৰবৰা নেতৃত্বাধীন চৰকাৰত তেওঁ শিক্ষা, গৃহ, সমাজ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল । ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা ৰাজ্যৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনক পৰাস্ত কৰি তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । অৱশ্যে সেই সময়ত ৰাজ্যজুৰি চলা বিদেশী খেদা আন্দোলনৰ বাবে বেছিদিন নিটিকিল তেওঁলোকৰ চৰকাৰ ।

উঠি অহা প্ৰজন্মৰ বাবে পাথেয় স্বৰূপ প্ৰয়াত ৰমণী বৰ্মন আছিল অসম কলেজ শিক্ষক সংস্থাৰো চাৰিবাৰৰ সভাপতি । ইউজিচিৰ অধীনত কলেজ শিক্ষকক দৰমহা প্ৰদানৰ বাবে তেওঁৰ নেতৃত্বতে হৈছিল আন্দোলন । সাম্প্ৰতিক সময়ৰ ভোগসৰ্বস্ব ৰাজনীতিয়েও তেওঁক টলাব পৰা নাছিল । খামুচি ধৰি ৰাখিছিল সমাজবাদী আদৰ্শ । হেৰুৱাইছিল নিজপুত্ৰ আৰু লগতে পত্নীক । তেওঁ‌ৰ এজন পুত্ৰই আততায়ীৰ গুলীত প্ৰাণ বিসৰ্জন দিছিল । তাৰ পিচতো তেওঁ ভাগৰি পৰা নাছিল ।

দেশৰ বাবে, দহৰ বাবে নিজ আদৰ্শৰ পৰা বিচলিত ন'হৈ চলাই নিছিল সংগ্ৰাম । এগৰাকী প্ৰাক্তন মন্ত্ৰী হোৱাৰ পিচতো তেওঁ মহানগৰীত এটুকুৰা মাটিও ক্ৰয় কৰিব নোৱাৰিলে । মহানগৰীতো বাদেই, নলবাৰী চহৰত নিৰ্মাণ কৰিবলৈ লোৱা ঘৰটোৱেই তেওঁৰ সম্পূৰ্ণ নহ'ল । সুদীৰ্ঘ বছৰ ভাড়াঘৰতেই তেওঁৰ সাংবাদিক পুত্ৰৰ সৈতে জীৱন কটাইছিল ।

শেহতীয়াকৈ বহুদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভোগাৰ পিচত সোমবাৰে পুৱাৰ ভাগত পৰলোকলৈ গমন কৰে । তেওঁৰ নশ্বৰ দেহ নলবাৰী মহাবিদ্যালয়, নলবাৰী আইন মহাবিদ্যালয়, নলবাৰী আৰ্ট স্কুল, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ নি অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হয় । আনহাতে, বৰ্ষীয়ান নেতাগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰে ৰাজ্য তথা নলবাৰীৰ প্ৰতিটো স্তৰৰ জনতা ।

নেতাগৰাকীৰ বিয়োগত দুখ প্ৰকাশ কৰি বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা , কংগ্ৰেছ নেতা ৰাতুল পাটোৱাৰীয়ে তেওঁৰ ৰাজনৈতিক আৰু গুণগত দিশবোৰ সুঁৱৰি অন্তিম শ্ৰদ্ধা জনায় ।

লগতে পঢ়ক :জননেতা ৰমণী বৰ্মনৰ দেহাৱসান; গুণমুগ্ধৰ ভিৰ নলবাৰীস্থিত ভাৰাঘৰত

Last Updated : Mar 4, 2024, 9:16 PM IST

ABOUT THE AUTHOR

...view details