অসম

assam

ETV Bharat / state

ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা, অস্বাভাৱিক হাৰত বৃদ্ধি তাপমাত্ৰা - Increase max temperature in Assam - INCREASE MAX TEMPERATURE IN ASSAM

Weather Forecast Of Assam : উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ অগ্নিকুণ্ডত পৰিণত হৈছে অসম ৷ হ্ৰাস হৈছে বৰষুণৰ পৰিমাণ ৷ শীতল পানীয়, বৰফ, কুলাৰ আদিয়েও যেন দেহা জুৰ পেলাব পৰা নাই ৷ অস্বাভাৱিক হাৰত তাপমান বৃদ্ধি পোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ লগতে কৃষি কাৰ্যতো বিৰূপ প্ৰভাৱ‌ পৰিছে ৷

Increase max temperature in Assam
ৰাজ্যত হ্ৰাস পাইছে বৰষুণ (Getty Image)

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 1:34 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ :আহিন মাহতো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ প্ৰচণ্ড গৰমত অতিষ্ঠ হৈ পৰিছে জনতা । ছেপ্টেম্বৰৰ মাজভাগলৈ গৰম হ্ৰাস হোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধিহে হ’বলৈ ধৰিছে । ইয়াৰ বিপৰীতে ৰাজ্যত হ্ৰাস পাইছে ‌বৰষুণৰ পৰিমাণ ।‌ ফলত মানুহৰ স্বাস্থ্য তথা কৃষিত বিৰূপ প্ৰভাৱ‌ পৰা পৰিলক্ষিত হৈছে । জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ পৰিণতিৰ যেন এয়া আগজাননী সেয়া যেন প্ৰতিফলিত কৰিছে ।

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, আগন্তুক পাঁচ দিনত ৰাজ্যৰ কিছু কিছু অঞ্চলতহে পাতলীয়া বৰষুণ হোৱাৰ সামান্য সম্ভাৱনা আছে । যদিহে আৰু এপষেকলৈ বৃষ্টিহীনতাৰ এই ধাৰা অব্যাহত থাকে, তেন্তে এইবাৰ ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস পোৱাটো নিশ্চিত বুলি সদৰী কৰিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ কেইবাজনো কৃষকে ৷‌

ৰাজ্যত হ্ৰাস পাইছে বৰষুণ (Regional Meteorological Centre in Borjhar)

উল্লেখ্য যে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰ আৰু শুকুৰবাৰে কেন্দ্ৰৰ অন্তর্গত ষ্টেচনকেইটাৰ ক’তো বৰষুণ হোৱা নাই । আনহাতে, ১৮ ছেপ্টেম্বৰত শেষ হোৱা সপ্তাহটোত অসমত বৃষ্টিপাত ঘাটিৰ পৰিমাণ ৮৬ শতাংশ ।

বৃহস্পতিবাৰৰ দৰে আজিও (শুকুৰবাৰ) সমগ্ৰ ৰাজ্যত অসম্ভৱ গৰম । গুৱাহাটীত আজি সৰ্বোচ্চ তাপমান আছিল ৩৮৹ চেলছিয়াছ । সাধাৰণতে থাকিবলগীয়া স্বাভাৱিক তাপমানতকৈ এই পৰিমাণ ৫.৬৹ চেলছিয়াছ বেছি আছে । কালি ডিব্ৰুগড়, যোৰহাট, লামডিং, মাজবাট, উত্তৰ লখিমপুৰ, শিলচৰ, তেজপুৰ আদি চহৰতো সৰ্বোচ্চ তাপমান স্বাভাৱিকতকৈ কেইবা ডিগ্ৰী বেছি আছিল ৷ এই তথ্য জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

অসমত অস্বাভাৱিক হাৰত বৃদ্ধি তাপমান (Regional Meteorological Centre in Borjhar)

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, চহৰ সৰ্বাধিক তাপমান স্বাভাৱিকতকৈ (চেলছিয়াছ) কিমান বেছি তলত উল্লেখ কৰা হ’ল -

  • গুৱাহাটী ৩৮ ডিগ্ৰী - ৫.৬ ডিগ্ৰী
  • ডিব্ৰুগড় ৩৭.৮ ডিগ্ৰী- ৬.৫ ডিগ্ৰী
  • যোৰহাট ৩৭.১ ডিগ্ৰী- ৪.৬ ডিগ্ৰী
  • মাজবাট ৩৭. ৯ ডিগ্ৰী- ৫.৯ ডিগ্ৰী
  • উত্তৰ লখিমপুৰ ৩৭.৯ ডিগ্ৰী- ৫.৯ ডিগ্ৰী
  • তেজপুৰ ৩৭.২ ডিগ্ৰী- ৫.৩ ডিগ্ৰী
  • শিলচৰ ৩৮.৪ ডিগ্ৰী- ৫.৩ ডিগ্ৰী

(উৎস: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, বৰঝাৰ)

অসমত এতিয়াও তাপমাত্ৰা স্বাভাৱিকতকৈ বেছি থকাৰ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় ওনিল শ্ব'য়ে কয় যে-

এই সময়ছোৱাত দক্ষিণৰ পৰা বতাহ আহিব লাগে, কিন্তু সেয়া দুৰ্বল হৈ আছে । এইখিনি সময়ছোৱাতে ৰাজস্থান হৈ পশ্চিম বংগৰ মাজেৰে দক্ষিণ দিশৰ‌ পৰা এক বতাহ আহিব লাগে, কিন্তু সেয়াও অহা নাই । হিমালয় দিশৰ পৰা এক বতাহ আহি আছে । যাৰ বাবে এই বতাহত আৰ্দ্ৰতা নাই । দক্ষিণ-পশ্চিমৰ পৰা অহা বতাহত আৰ্দ্ৰতা আছে ।

তলৰ যি বতাহ সেয়া তিব্বতৰ পৰা আহি থকাৰ বাবে আদ্ৰতা বৃদ্ধি হোৱা নাই । আকৌ নিদিৰ্ষ্ট সময়ত বতৰ সলনি নোহোৱাৰ বাবে বৰষুণৰ পৰিমাণো হ্ৰাস পাইছে । আনকি আকাশত ডাৱৰ সৃষ্টি নোহোৱাৰ বাবে আকাশখন ফৰকাল হৈ আছে । এনেবোৰ কাৰণত অসমত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাবিকতকৈ ৫ -৬ ডিগ্ৰী বেছি হৈ আছে ।

লগতে পঢ়ক: ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম পানী খোৱাৰ অভ্যাস কৰক - Drinking Hot Water at night

লগতে পঢ়ক :পানী কমকৈ খোৱাৰ পৰিণাম কিমান ভয়ংকৰ হ’ব পাৰে শুনক চিকিৎসকৰ মুখেৰে - Food for hot summer

ABOUT THE AUTHOR

...view details